অসম

assam

ETV Bharat / bharat

‘ছাইবাৰ ব্ৰিচ্ছ’ হেকাৰ সকলৰ বাবে এক সুগম পথত পৰিণত হৈছে - ছীফ অৱ ডিফেন্স ষ্টাফ

চীনৰ ভাবুকি ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰাত ছীফ অৱ ডিফেন্স ষ্টাফ (চি ডি এছ), জেনেৰেল বিপিন ৰাৱাটে অলপতে ঘোষণা কৰে যে, চীনে ৰণনৈতিক কৌশল ব্যৱহাৰ কৰি তথা ফায়াৰৱাল নিৰ্মাণ কৰি তথা ৰিক’ভাৰী ৱ্যৱস্থা স্থাপন কৰি ছাইবাৰ আক্ৰমণৰ প্ৰত্যাৱৰ্তন কৰিব ৷ তেওঁ স্পষ্টভাৱে কয় যে, এনে পৰিস্থিতিৰ পাচতো ছাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত দেখা যায় যে যিকোনো ধৰণৰ আক্ৰমণৰ যথাযোগ্য প্ৰত্যুত্তৰ দিয়াত ভাৰতবৰ্ষ এতিয়াও বহু পিচ পৰি আছে ৷ তেওঁ কয় যে, চীনৰ ছাইবাৰ আক্ৰমণৰ সক্ষমতা এতিয়া এক সাধাৰণ জ্ঞানলৈ পৰিণত হৈছে আৰু এনে প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ বাবে যিকোনো এখন ছাইবাৰ যুদ্ধই বিপজ্জনক হৈ পৰিব ৷

‘ছাইবাৰ ব্ৰিচ্ছ’ হেকাৰ সকলৰ বাবে এক সুগম পথত পৰিণত হৈছে
‘ছাইবাৰ ব্ৰিচ্ছ’ হেকাৰ সকলৰ বাবে এক সুগম পথত পৰিণত হৈছে

By

Published : Apr 13, 2021, 8:07 AM IST

চীনৰ ভাবুকি ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰাত ছীফ অৱ ডিফেন্স ষ্টাফ (চি ডি এছ), জেনেৰেল বিপিন ৰাৱাটে অলপতে ঘোষণা কৰে যে, চীনে ৰণনৈতিক কৌশল ব্যৱহাৰ কৰি তথা ফায়াৰৱাল নিৰ্মাণ কৰি তথা ৰিক’ভাৰী ৱ্যৱস্থা স্থাপন কৰি ছাইবাৰ আক্ৰমণৰ প্ৰত্যাৱৰ্তন কৰিব ৷ তেওঁ স্পষ্টভাৱে কয় যে, এনে পৰিস্থিতিৰ পাচতো ছাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত দেখা যায় যে যিকোনো ধৰণৰ আক্ৰমণৰ যথাযোগ্য প্ৰত্যুত্তৰ দিয়াত ভাৰতবৰ্ষ এতিয়াও বহু পিচ পৰি আছে ৷ তেওঁ কয় যে, চীনৰ ছাইবাৰ আক্ৰমণৰ সক্ষমতা এতিয়া এক সাধাৰণ জ্ঞানলৈ পৰিণত হৈছে আৰু এনে প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ বাবে যিকোনো এখন ছাইবাৰ যুদ্ধই বিপজ্জনক হৈ পৰিব ৷ তদুপৰি তেওঁ কয়, ভাৰতবৰ্ষই ছাইবাৰ সুৰক্ষা শক্তিশালী কৰি আছে ৷ ইয়াৰ বাবে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ এক ত্ৰি-সেৱা কামাণ্ড, ছাইবাৰ প্ৰতিৰক্ষা এজেন্সিৰ (ডি চি এ) ওপৰত ছাইবাৰ সুৰক্ষাৰ দায়িত্ব ন্যস্ত কৰা হৈছে ৷ দুয়োখন দেশৰ মাজত এক সংঘাতময় পৰিৱেশ বিৰাজ কৰাৰ সমান্তৰালকৈ এক ঘটানুক্ৰমৰ শৃংখল দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰে কিছুসংখ্যক ঘটনাক্ৰম বাহ্যিকভাৱে সংঘটিত হোৱাৰ ফলত বিশ্বৰ চকুত ধৰা পৰিছে যদিও আন কিছুমান জনতাৰ ওচৰলৈ আহোঁতে কিছু পলম হৈছে ৷ বিগত বৰ্ষৰ সীমা বিবাদৰ সময়চোৱাত চীনে সংগোপনে ভাৰতবৰ্ষৰ আন্তঃগাঁঠনি খণ্ডত এলানি আক্ৰমণ সংঘটিত কৰিছিল ৷ এটাৰ পাচত আনটোকৈ অলপতে সংঘটিত হোৱা আক্ৰমণৰ ঘটনাই চোৰাংচোৱা গোট সমূহক হতচকিত কৰি তুলিছিল ৷ ছাইবাৰ আক্ৰমণৰ ক্ষেত্ৰত ত্ৰুতি প্ৰমাণিত হ’লে আন্তৰাষ্ট্ৰীয় স্তৰত একোখন দেশৰ মৰ্যাদাৰ হানি হয় আৰু ইয়াৰ বাবেই কোনো দেশেই ৰণনৈতিক ছাইবাৰ যুদ্ধত লিপ্ত হ’বলৈ নিবিচাৰে ৷ কিন্তু চীনে ৰেড ইক’, এ পি টি৪১/বাৰিয়াম, ট’ন্ট’ টীম, ষ্ট’ন পাণ্ডা আৰু এমিছেৰি পাণ্ডাৰ দৰে হেকিং গোট সমূহৰ দাৰা আক্ৰমণ সমূহ সংঘটিত কৰি আছে ৷ উল্লেখ্য যে, এই গোট সমূহ যে চীন চৰকাৰৰ পৃষ্ঠপোষকতাত পৰিচালিত হয় তাত কোনো সন্দেহ নাই ৷

আন্তঃগাঁঠনিক লক্ষ্য কৰি আক্ৰমণ সমূহ সংঘতিত কৰা হৈছে :

বিদ্যুৎ শক্তি আৰু পৰিবহন ব্যৱস্থাক যিকোনো এখন দেশৰে মেৰুদণ্ড বুলি কোৱা হয় ৷ এই দুয়োটা খণ্ডতে প্ৰযুক্তিবিদ্যাই এক প্ৰধান ভূমিকা পালন কৰে ৷ কোনো বিসংগতি নোহোৱাকৈ উৎপাদিত শক্তিবোৰ বিতৰণ কৰাৰ ক্ষেত্ৰত ভাৰ প্ৰেৰণ কেন্দ্ৰবোৰ অতি গুৰুত্বপূৰ্ণ ৷ চীনা আক্ৰমণকাৰী গোট ৰেড ইক’ই ‘শ্বেড’পেড’ নামৰ মালৱেৰ এটাৰ জৰিয়তে ভাৰ প্ৰেৰণ কেন্দ্ৰৰ ছাৰ্ভাৰ হেক কৰে আৰু সংক্ৰমিত কৰে ৷ সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়ে স্পষ্ট কৰে যে এই আক্ৰমণক যথাসময়ত ধৰা পেলোৱা হয় আৰু আগতীয়া সাৱধানতা অৱলম্বন কৰি ইয়াক প্ৰতিহত কৰা হয় ৷ যাৰ ফলত বহুতো গুৰুত্বপূৰ্ণ তথ্য চুৰি হোৱাৰ পৰা ৰক্ষা পৰে ৷ তথাপি এই আক্ৰমণে আমাৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ সম্পৰ্কত সন্দেহ জগাই তুলিছে ৷ চিন্তনীয় যে, ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত বেংক, বীমা, শৈক্ষিক, পৰিবহন তথা বিদ্যুৎ আদি কোনো এটা সন্থাৰেই যথাযথ প্ৰতিৰক্ষা আঁচনি নাই ৷ ছফ্‌টৱেৰ আৰু ফায়াৰৱাল সমূহত ৰৈ যোৱা ত্ৰুতিবোৰে হেকাৰবোৰৰ পথ সুগমহে কৰি দিছে ৷ ৱেবছাইটবোৰক শলঠেকত পেলাব পৰাকৈ আক্ৰমণ কৰিবলৈ হেকাৰ সকলক মাত্ৰ ছাৰ্ভাৰৰ আই পি ঠিকনাটোৰহে দৰকাৰ ৷ মাৰ্চ মাহৰ প্ৰতিবেদন এটিত প্ৰকাশ পাইছিল যে ৰেড ইক’ই ভাৰতীয় পৰ্ট নেটৱৰ্ক এটাতো অনুপ্ৰৱেশ কৰিছিল ৷

দেশৰ অখণ্ডতালৈ ভাবুকি মাতি আনিব পৰা কাৰ্য-কলাপত লিপ্ত হোৱাৰ সম্ভাৱনা থকাৰ সন্দেহত ১১৮ টা চীনা এপ্লিকেশ্বনক ভাৰত চৰাকাৰে নিষিদ্ধ কৰিছিল ৷ এই পৰিস্থিতি ভীষণ হোৱাৰ পূৰ্ৱেই চীনে এলানি ছাইবাৰ আক্ৰমণ সংঘটিত কৰিলে ৷ চীনৰ শ্বেনজেনস্থিত তথ্য স্ক্ৰেপিং প্ৰতিস্থান “জেনহুৱা ডাটা ইন্‌ফৰ্মেশ্বন টেক্‌নলজী”য়ে হাজাৰোধিক বিশিষ্ট ভাৰতীয় ৰাজনীতিবিদ, সাংবাদিক, ন্যায়ধীশ, বিজ্ঞানী, শিক্ষাবিদ আৰু খেলুৱৈৰ তথ্য সংগ্ৰহ কৰিছে ৷ তদুপৰি হাৰ্ডৱেৰ সামগ্ৰী সমূহৰ মাধ্যমেৰে মালৱেৰ বিতৰণৰ সমান্তৰালকৈ এপ্লিকেশ্বনবোৰ আৰু ডাটা মাইনিঙৰ সহায়ত ভাৰতক শ’লঠেকত পেলাবলৈ চীনে নিৰলস প্ৰচেষ্টা চলাই আছে ৷ যি সময়ত সমগ্ৰ বিশ্বক ক’ভিড-১৯য়ে গ্ৰাস কৰিছে সেই সময়চোৱাতে আকৌ স্বাস্থ্যখণ্ড আৰু প্ৰতিষেধক প্ৰতিষ্ঠান সমূহত ব্যাপক ছাইবাৰ আক্ৰমণ সংঘতিত হৈছে ৷ আশ্চৰ্যজনক কথাটো হ’ল এই সমগ্ৰ আক্ৰমণবোৰ চীন আৰু ৰাছিয়াৰ পৰা সংঘটিত কৰা হৈছে ৷ ভাৰতৰ ক্ষেত্ৰত, শীৰ্ষস্থানীয় প্ৰতিষেধক নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভাৰত বায়’টেক আৰু ছেৰাম ইনষ্টিটিউটত চীনৰ আক্ৰমণকাৰী গোট ষ্ট’ন পাণ্ডাই উপৰ্যুপৰি আক্ৰমণ সংঘতিত কৰিছে ৷ হেকাৰবোৰে অন্ধ্ৰ প্ৰদেশৰ পথ উন্নয়ন নিগম, আই আৰ চি টি চি, টাটা ম’ট’ৰছ আৰু ৰে’ল বিভাগৰ তথ্য ব্যৱস্থাপনা কেন্দ্ৰকো লক্ষ্য কৰি লৈছে ৷ কম্পিউটাৰৰ জৰুৰী প্ৰতিক্ৰিয়াশীল গোটে (চি ই আৰ ট-ইন) এই আক্ৰমণ ধৰা পেলাই আৰু সন্থা সমূহক সাৱধান কৰি দিয়ে ৷ হেকাৰবোৰে সন্থা কেইটাৰ কৰ্মচাৰী সকলৰ মেইলবোৰত ফিছিং আৰু স্পুফিং কৰি সংশ্লিষ্ট নেটৱৰ্কবোৰত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল ৷

ছাইবাৰ সুৰক্ষা পৰিকাঠামোক পুনৰ্গঠন কৰাৰ সময় সমাগত :

বিশ্বৰ মহাশক্তিত পৰিণত হ’বলৈ চীনে ঢালবোৰ খৰখেদাকৈ আগবঢ়াবলৈ ধৰিছে ৷ স্পষ্টকৈ দেখা গৈছে যে ৰাছিয়া, পাকিস্তান, চীন আৰু কোৰিয়াৰ পৰা সংঘটিত হোৱা ছাইবাৰ আক্ৰমণৰ পৰা ৰাজহুৱা তথা ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত সন্থাবোৰক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই বিশেষ সক্ৰিয়তা দেখুওৱা নাই ৷ ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীক যুদ্ধোত্তৰ গতিৰে শক্তিশালী কৰি ছাইবাৰ আক্ৰমণবোৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় আহি পৰিছে ৷ ছাইবাৰৰ সুৰক্ষা আৰু এই সম্বন্ধীয় ব্যৱস্থাৰ বাবে বাজেটত নিৰ্দিষ্ট অংশৰ ধন ধাৰ্য কৰাটো উচিত হ’ব ৷ লগতে চৰকাৰে কৰ্মচাৰী সকলক প্ৰযুক্তি বিদ্যাৰ প্ৰশিক্ষণ প্ৰদান কৰাতেই সীমাবদ্ধ নাৰাখি ছাইবাৰ সুৰক্ষাৰ সাধাৰণ জ্ঞানখিনিও প্ৰদান কৰাত ধ্যান দিয়া উচিত ৷ ভাৰতবৰ্ষই চীনক কেৱল সীমান্ততেই প্ৰতিহত কৰাত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে চীনে সৰ্বব্যাপি চলাই থকা ছাইবাৰ যুদ্ধখনকো যথযোগ্য প্ৰত্যুত্তৰ দিয়া উচিত ৷

ABOUT THE AUTHOR

...view details