নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ ডঃ কে এন মোডী বিশ্ববিদ্যালয় আৰু ইয়াৰ অনুমোদিত প্ৰতিষ্ঠানসমূহত চাইবাৰ আক্ৰমণ (cyber attack at Dr KN Modi University) । এই আক্ৰমণত শিক্ষাৰ্থী, কৰ্মচাৰী আৰু বিশ্ববিদ্যালয়ৰ অন্যান্য বিষয়ৰ সৈতে সম্পৰ্কিত সংবেদনশীল তথ্য হেক কৰা হৈছে । বিষয়টো সন্দৰ্ভত উত্তৰ প্ৰদেশ চাইবাৰ চেলে তদন্ত আৰম্ভ কৰিছে (UP Cyber Cell begun probing of cyber attack) ।
আনহাতে, তথ্যসমূহ চুৰি কৰি সেইবোৰক এক এনক্ৰিপ্ট ফৰ্মলৈ ৰূপান্তৰ কৰাৰ পিছত হেকাৰসকলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ব্লেকমেইল কৰা আৰম্ভ কৰিছে (hackers blackmailing authorities of University) । আনকি হেকাৰসকলে 5 নিযুত ডলাৰ দাবী কৰিছে (hackers demanding 5 million dollar) । যদি দাবী কৰা ধন নিদিয়ে তেনেহ'লে পৰিণাম অধিক বেযা হ'ব বুলি ভাবুকি দিয়া বুলি এক সূত্ৰই প্ৰকাশ কৰিছে ।
উল্লেখ্য, শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ বেংকিং তথ্য বিদেশী হেকাৰৰ দ্বাৰা আক্ৰমণ কৰা হৈছে । অৱশ্যে বিশ্ববিদ্যালয়খনৰ অভিযন্তাসকলে ছিষ্টেমটোৰ পৰা তথ্য উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে যদিও তেওঁলোকে বিষয়টোত কোনো সফলতা অৰ্জনত ব্যৰ্থ হৈছে । বৰ্তমান বিষয়টো অনুসন্ধান কৰাৰ দায়িত্ব উত্তৰ প্ৰদেশ চাইবাৰ চেলক অৰ্পণ কৰা হৈছে ।