অসম

assam

ETV Bharat / bharat

Centre One Nation One Poll policy : 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন' ধাৰণাৰ বিৰোধিতা কংগ্ৰেছ ৱৰ্কিং কমিটিৰ - Jairam Ramesh on CWC meeting

কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ এই ধাৰণা বিৰোধিতা কৰিছে । সংসদত মুখ্য নিৰ্বাচন আয়োগ বিধেয়কৰ বিৰোধিতা কৰিব কংগ্ৰেছে । চিডব্লিউচি বৈঠকৰ সিদ্ধান্ত সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য পি চিদাম্বৰমৰ ।

Centre One Nation One Poll policy
'এক ৰাষ্ট্ৰ এক নিৰ্বাচন' ধাৰণাৰ বিৰোধিতা কংগ্ৰেছ ৱৰ্কিং কমিটিৰ

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 7:53 PM IST

নেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ :হায়দৰাবাদত শনিবাৰৰ পৰা আৰম্ভ হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ প্ৰথমখন বৈঠক । এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় । তাৰ ভিতৰত অন্যতম হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ ধাৰণা । কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ এই ধাৰণা নাকচ কৰিছে । জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে এই বৈঠকৰ পাছতে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে ।

প্ৰাক্তন কেন্দ্ৰীয় গৃহ আৰু বিত্ত মন্ত্ৰী চিদাম্বৰমে কয় যে কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা পত্ৰখনৰ প্ৰতি চৰকাৰে এতিয়ালৈকে কোনো সঁহাৰি দিয়া নাই । তেওঁ মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনাও কৰে ।

চিদাম্বৰমে কয় যে যোৱা মে'ৰ পৰা মণিপুৰ জ্বলি আছে । প্ৰধানমন্ত্ৰীয়ে কেইবাখনো দেশ ভ্ৰমণ কৰাৰ লগতে আছিয়ান সন্মিলনত অংশগ্ৰহণ কৰাৰ উপৰিও জি-২০ বৈঠকৰ বাবে যথেষ্ট সময় উলিয়াইছে । কিন্তু আচৰিত আৰু হতাশাজনক যে তেওঁ মণিপুৰ ভ্ৰমণ কৰিবলৈ দুঘণ্টা সময় উলিয়াব পৰা নাই । সংসদৰ অধিবেশন আৰম্ভ হোৱাৰ ঠিক পূৰ্বে প্ৰধানমন্ত্ৰীয়ে মণিপুৰ সম্পৰ্কত মাত্ৰ দুই মিনিট কথা কয় । কিন্তু তেওঁ মণিপুৰৰ বিষয়ে কোনো কথা কোৱা নাই বুলিও চিদাম্বৰমে অভিযোগ কৰে ।

চিদাম্বৰমে লগতে কয় যে বৈঠকৰ সময়ত ছোনিয়া গান্ধীয়ে এক চমু বিবৃতি দিয়ে যাৰ বিৱৰণ শীঘ্ৰেই প্ৰকাশ কৰা হ'ব । তেওঁ লগতে কয় যে কংগ্ৰেছ দলটোৱে সংসদত মুখ্য নিৰ্বাচন আয়োগ বিধেয়কৰ বিৰোধিতা কৰিব ।

ইফালে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে মণিপুৰত সংঘটিত হিংসা, কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ওমেন চাণ্ডিৰ মৃত্যু আৰু হিমাচল প্ৰদেশত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত তিনিটা প্ৰস্তাৱ গৃহীত কৰে ।

লগতে পঢ়ক :Bhopal INDIA rally : 'আভ্যন্তৰীণ কাৰণত পিছুৱাই দিয়া হৈছে ভূপালৰ ৰেলী'-দিগ্বিজয় সিং

ABOUT THE AUTHOR

...view details