নেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ :শেহতীয়াকৈ মিত্ৰজোঁট 'INDIA' গঠন হোৱাৰ পাছত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ (CWC) প্ৰথমখন বৈঠক দুদিনীয়াকৈ তেলেংগানাৰ ৰাজধানী চহৰ হায়দৰাবাদত অনুষ্ঠিত হৈছে । কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী, এআইচিচিৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধী, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী হায়দৰাবাদত উপস্থিত হৈছে । কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকৰ লগতে দেওবাৰে ৰাজহুৱা সভাত তেওঁলোকে অংশগ্ৰহণ কৰাৰ কথা আছে ।
এই বছৰতে দেশৰ ৫ খন ৰাজ্যত বিধানসভা নিৰ্বাচন লগতে অহা বছৰ দেশৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এই বৈঠকখন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে । কেন্দ্ৰই অনা এক ৰাষ্ট্ৰ আৰু এক নিৰ্বাচনৰ ধাৰণাটোক লৈ কংগ্ৰেছ নেতাসকলে এই বৈঠকত ৰণনীতি প্ৰস্তুত কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে । বৰ্তমানৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাবে চিডব্লিউচি হায়দৰাবাদৰ সন্মিলন অধিক গুৰুত্বপূৰ্ণ কিয়নো এইখন তেওঁ পুনৰ্গঠন কৰা সমিতিৰ প্ৰথম বৈঠক ।
ইতিমধ্যে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী চিডব্লিউচিৰ বৈঠকস্থলীত উপস্থিত হৈছে । দলৰ নেতা আৰু কেডাৰসকলে কংগ্ৰেছ নেতাসকলক উষ্ম আদৰণি জনাইছে ।