নিউজ ডেস্ক, 10 জানুৱাৰী :কৰ‘ণা মহামাৰীৰ বাবে স্থগিত ৰখা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE) ৰ শিক্ষকৰ যোগ্যতা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে চি.বি.এচ.ই.য়ে ৷ 31 জানুৱাৰীত শিক্ষককৰ যোগ্যতা পৰীক্ষা চমুকৈ চি-টেটৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে চি.বি.এচ.ই.য়ে ৷ এই ক্ষেত্ৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনাও বান্ধি দিছে পৰিষদে ৷ পৰীক্ষাৰ্থী সকলৰ সুবিধাৰ্থে পৰীক্ষা কেন্দ্ৰ সমূহ তেওঁলোকৰ নিচেই কাষত দিয়াৰ ব্যৱস্থা কৰা হ‘ব ৷ সমগ্ৰ দেশৰ যিসকল লোকে এই পৰীক্ষা দিবলৈ সাজু হৈছে তেওঁলোকৰ এডমিট কাৰ্ডসমূহ অহা সপ্তাহত প্ৰদান কৰা হ‘ব বুলিও জানিবলৈ দিছে চি.বি.এচ.ই. কৰ্তৃপক্ষই ৷
CTET ৰ নতুন তাৰিখ ঘোষণা : 23 খন নতুন চহৰত পৰীক্ষা কেন্দ্ৰ - এডমিট কাৰ্ড
31 জানুৱাৰীত দেশজুৰি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE)য়ে অনুষ্ঠিত কৰিব শিক্ষককৰ যোগ্যতা পৰীক্ষা চমুকৈ চি-টেট ৷ 2020 চনৰ জুলাই মাহত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে C-TET পৰীক্ষাৰ আয়োজন কৰাৰ কথা আছিল যদিও কৰ‘ণা মহামাৰীৰ ভয়াৱহতাৰ বাবে বাতিল কৰিছিল পৰীক্ষা ৷
উল্লেখ্য যে, 2020 চনৰ জুলাই মাহত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে C-TET পৰীক্ষাৰ আয়োজন কৰাৰ কথা আছিল যদিও কৰ‘ণা মহামাৰীৰ ভয়াৱহতাৰ বাবে বাতিল কৰিছিল পৰীক্ষা ৷ এইবাৰ অনুষ্ঠিত হ‘বলগীয়া পৰীক্ষাত প্ৰাৰ্থীৰ সুবিধাৰ্থে CTET ৰ পৰীক্ষাৰ বাবে নতুনকৈ 23 খন নতুন চহৰত পৰীক্ষা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে ৷ ইয়াৰ পূৰ্বে দেশৰ 112 খন চহৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা ৷ কিন্তু নতুনকৈ 23 খন চহৰ সন্নিবিষ্ট কৰাৰ লগে লগে পৰীক্ষা অনুষ্ঠিত হ‘বলগীয়া মুঠ চহৰৰ সংখ্যা 135 লৈ বৃদ্ধি হৈছে ৷
লগতে পঢ়ক : জগন্নাথ মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত বাধ্যতামূলক নহ’ব ক’ভিড পৰীক্ষণ