নেশ্যনেল ডেস্ক, ৫ অক্টোবৰ: ড্ৰাগছৰ যোগান ধৰি নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া মুম্বাইৰ বহু অসাধু লোক শীঘ্ৰেই নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ৰ জালত পৰাৰ সম্ভাৱনা আছে । শেহতীয়াকৈ নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'(Narcotics Control Bureau)ৰ মুম্বাই শাখাৰ সঞ্চালক সমীৰ ৱাংখেড়েই প্ৰকাশ কৰা মন্তব্যই এই কথাৰেই ইংগিত দিছে ।
তেওঁ কয় যে, মুম্বাইৰ পৰা গোৱা অভিমুখী ক্ৰুজত চলা পাৰ্টী সন্দৰ্ভত ৰুজু হোৱা গোচৰৰে বহু সন্দেহযুক্ত লোক জড়িত আছে । এই সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলিও তদন্তকাৰী বিষয়াগৰাকীয়ে মন্তব্য কৰে । তেওঁ লগতে জানিবলৈ দিয়ে যে, এতিয়ালৈকে মুঠ আঠজন লোকক আদালতত হাজিৰ কৰোৱা হৈছে । ইয়াৰে ৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু চাৰি দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।
উল্লেখ্য যে, এন চি বিৰ এটা দলে যোৱা ২ অক্টোবৰৰ নিশা মাজ সাগৰতে গোৱা অভিমুখী কৰ্ডেলিয়া ক্ৰুজত ড্ৰাগছ পাৰ্টী চলি থকা অৱস্থাতে অভিযান চলাইছিল । সঞ্চালক সমীৰ ৱাংখেড়েৰ মতে, ক্ৰুজখনত ড্ৰাগছ জব্দ কৰাৰ সন্দৰ্ভত এন চি বিয়ে আঠজন লোকক সোধ-পোছৰ বাবে আটক কৰিছিল আৰু পাচত ৩ অক্টোবৰত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা হয় ।
শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান, আৰবাজ ছেথ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাকে ধৰি তিনিজন অভিযুক্তক মুম্বাইৰ এস্প্লেনেড আদালতত হাজিৰ কৰোৱা হয় । আদালতে আটাইকে ৪ অক্টোবৰ পৰ্যন্ত এন চি বিৰ জিম্মালৈ প্ৰেৰণ কৰে ।
এন চি বিয়ে জনোৱা তথ্য অনুসৰি, তিনিজন অভিযুক্তৰ বিৰুদ্ধে নাৰ্ক'টিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স আইন(Narcotic Drugs and Psychotropic Substances Act)ৰ ৮চি, ২০বি, ২৭ আৰু ৩৫ নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । আৰিয়ান খানৰ অধিবক্তা সতীশ মানেশিন্দে আদালতত যুক্তি দৰ্শাই যে, আৰিয়ান খানক ক্ৰুজ পাৰ্টীৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল ।
তেওঁৰ লগত বৰ্ডিং পাছ নাছিল আৰু তেওঁৰ বাবে কোনো আসন অথবা কেবিন বুক কৰা হোৱা নাছিল । লগতে তেওঁৰ পৰা অভিযানকাৰী দলটোৱে কোনো নিচাজাতীয় দ্ৰব্য জব্দ কৰা নাছিল । কেৱল হোৱাটছএপৰ জৰিয়তে হোৱা বাৰ্তালাপৰ ওপৰত ভিত্তি কৰি আৰিয়ানক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে, এই গোচৰটোৰ আন অভিযুক্তসকল হৈছে নুপুৰ সতীজা, ঈশমিত সিং চাধা, মোহক জয়ছোৱাল, গোমিত চোপ্ৰা আৰু বিক্ৰান্ত ছ'কাৰ ।
লগতে পঢ়ক:পাকিস্তানে শান্তিৰ কথা কয়; কিন্তু ইয়াৰ প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদীক শ্বহীদ আখ্যা দিয়ে !