নেশ্যনেল ডেস্ক , 18 ছেপ্তেম্বৰ :বল বুলি ভাৱি খেলিবলৈ গৈ অশোধিত বোমা বিস্ফোৰণ(crude bomb explosion)ত কৰুণ মৃত্যুক সাৱটিলে পশ্চিমবংগৰ এগৰাকী নাবালিকাই ৷ পশ্চিমবংগৰ পূব মিন্দাপুৰ জিলাত শুকুৰবাৰে সংঘটিত এই বোমা বিস্ফোৰণত এগৰাকী নাবালিকাৰ মৃত্যু হোৱাৰ লগতে অন্য দুটি শিশু আহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
নাবালিকাগৰাকীয়ে বল বুলি ভাবি বোমাৰ সৈতে খেলি থাকোতেই এই শোকাৱহ ঘটনাটো সংঘটিত হয় ৷ ঘটনাৰ ফলত অন্য দুটি শিশু আঘাতপ্ৰাপ্ত হোৱাত তেওঁলোকক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
স্থানীয় লোকে জানিবলৈ দিয়া মতে, শুকুৰবাৰে সন্ধিয়া তিনিওটা শিশুৱে খেলিবলৈ ওচৰতে থকা এটা পৰিত্যক্ত ঘৰলৈ গৈছিল ৷ পলিথিনত ৰাখি থোৱা অশোধিত বোমাকেইটা পাই শিশুকেইটিয়ে বল বুলি ভাৱি বুটলি লৈছিল ৷ হঠাৎ সিঁহতৰ হাতৰ পৰা বোমা থকা পলিথিনটো পৰি যোৱাত বিস্ফোৰণ ঘটে ৷