নেশ্যনেল ডেস্ক,১৮ ছেপ্টেম্বৰ : নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে ঝাৰখণ্ডৰ চাইবাছাত বৃহৎ অভিযান (Raid against Opium)। অভিযানত জব্দ প্ৰায় ২ কিলোগ্ৰাম কানি আৰু ২.৯৫ লাখ টকা (2 kg opium seized at Chaibasa)। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কানি সৰবৰাহৰ সৈতে জড়িত চাৰিজন লোকক । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সেই কানি সৰবৰাহকাৰীৰ ভিতৰত এজন চিআৰপিএফ জোৱানো আছে ।
চক্ৰধৰপুৰ আৰক্ষী থানাৰ অধীনৰ এটা অঞ্চলৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰি আটাইকেইজনকে ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে । গ্ৰেপ্তাৰ হোৱা চিআৰপিএফ জোৱান জনক ৰবি কুমাৰ বুলি চিনাক্ত কৰা হৈছে আৰু পাঞ্জাৱৰ জলন্ধৰত তেওঁ কৰ্মৰত আছিল (CRPF jawan arrested with opium)। কিন্তু চক্ৰধৰপুৰলৈ কানি সৰবৰাহৰ বাবে আহি আৰক্ষীৰ জালত পৰে চিআৰপিএফ জোৱান ৰবি কুমাৰ । ৰবি কুমাৰৰ উপৰিও চক্ৰধৰপুৰ আৰক্ষীয়ে পাঞ্জাৱ ফাজিলকা জিলাৰ বলবীৰ চান্দ, টেবোৰ ফ্ৰান্সিছ লুগুন আৰু খুণ্টিৰ বুধুৱা পূৰ্তি ।