নিউজ ডেস্ক, 13 নৱেম্বৰ : দুদিনৰ ভিতৰতে আলিগড় ভুজপুৰাৰ এজন বাসিন্দাৰ একাউণ্টত সোমাল 4 কোটি 78 লাখ টকা ৷ এই কথা জানিব পাৰি আচৰিত হৈ পৰে ব্যক্তিজন ৷ ব্যক্তিজনৰ মতে, তেওঁৰ এটা একাউণ্টত ধন আহি থকাৰ বিপৰীতে আন এটা বেংকৰ একাউণ্টলৈও ট্ৰেন্সফাৰ কৰা হৈছে ৷ আনহাতে ইয়াত তেওঁৰ কোনো ভূমিকা নাই ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কোটৱালি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ব্যক্তিজনে ৷ বেংককো খবৰ দিয়া হৈছে ৷ সমগ্ৰ বিষয়টো উদঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
দুদিনত সোমাল চাৰি কোটি 78 লাখ টকা-
ভুজপুৰাৰ বাসিন্দা আলাউদ্দিনৰ পুত্ৰ আছলামে কয় যে তেওঁৰ একাউণ্ট আইডিএফচি বেংকত আছে ৷ 11 নৱেম্বৰৰ পৰা তেওঁৰ একাউণ্টত টকা আহিবলৈ ধৰে ৷ একাউণ্টত সোমায় 4 কোটি 78 লাখ টকা ৷ আছলামে কয় যে তেওঁৰ ইউচিঅ’ বেংকতো একাউণ্ট আছে ৷ আইডিএফচি বেংক একাউণ্টত ধন সোমোৱাৰ পিছত ইউচিঅ’ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে ৷ কাৰ টকা আৰু কেনেকৈ তেওঁৰ একাউণ্টত আহিল তাৰ কোনো ধাৰণা নাই ৷ বেংকত উপস্থিত হৈ এই সন্দৰ্ভত তেওঁ কৰ্তৃপক্ষক সোধা-পোছা কৰিলে, কিন্তু তাতো কোনো সঠিক তথ্য লাভ কৰিব নোৱাৰিলে ৷