নিউজ ডেস্ক, ১৯ আগষ্ট :ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি সমিতিয়ে পৰৱৰ্তী বৈঠকত পুনৰ পলিচীৰ হাৰৰ ওপৰত আলোচনা কৰিব বুলি আশা কৰা হৈছে । কিয়নো কেন্দ্ৰীয় বেংকটোৱে মুদ্ৰাস্ফীতিৰ গতিপথৰ ওপৰত এক স্পষ্ট ছবিৰ বাবে অপেক্ষা কৰি আছে । ক্ৰিচিলৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰৱৰ্তী মুদ্ৰা নীতি বৈঠক অক্টোবৰৰ আৰম্ভণিতে অনুষ্ঠিত হ'ব ।
"শেহতীয়াকৈ খাদ্য-সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সৈতে মুদ্ৰাস্ফীতিৰ গতিপথত অনিশ্চয়তা বৃদ্ধি পাইছে । চৰকাৰী হস্তক্ষেপ আৰু বিশ্বজুৰি খাদ্য যোগানৰ সৈতে বাৰিষা আৰু বতৰৰ ব্যাঘাতে মুদ্ৰাস্ফীতিৰ ফলাফলক প্ৰভাৱিত কৰিব ।" 'RateView - CRISIL’s outlook on near-term rates' শীৰ্ষক প্ৰতিবেদনত এই কথা কোৱা হৈছে । ২০২৪ চনৰ আৰম্ভণিতে ২৫ বেছিছ পইণ্ট ৰেপো ৰেট হ্ৰাস কৰাটো বৰ্তমানৰ বাবে এক চৰ্তসাপেক্ষ সম্ভাৱনা বুলিও কোৱা হৈছে ।
আৰবিআয়ে আগষ্টৰ বৈঠকত 'withdrawal of accommodation'ৰ স্থিতি বজাই ৰাখি পলিচীৰ হাৰ অপৰিৱৰ্তিত ৰাখিছিল । অৱশ্যে ই লিকুইডিটী নিয়ন্ত্ৰণ কৰাৰ বাবে এক অস্থায়ী ব্যৱস্থা হিচাপে বৰ্ধিত নগদ সংৰক্ষণ অনুপাত (Incremental Cash Reserve Ratio, I-CRR) প্ৰৱৰ্তন কৰিছিল । খুচুৰা মুদ্ৰাস্ফীতিৰ পৰিসংখ্যাৰ শেহতীয়া বৃদ্ধিৰ কথা বিবেচনা কৰি ক্ৰিচিলে ২০২৩-২৪ বৰ্ষৰ বাবে ভাৰতৰ মুদ্ৰাস্ফীতিৰ দৃষ্টিভংগী ইয়াৰ পূৰ্বৰ ৫.০ শতাংশৰ অনুমানৰ পৰা গড়ে ৫.৫ শতাংশলৈ সংশোধন কৰিছে ।
"জুলাইৰ চিপিআই প্ৰিণ্টত তীব্ৰ বৃদ্ধি আৰু আগষ্টত খাদ্যৰ মূল্যৰ ওপৰত নিম্নতম সকাহ পোৱাৰ প্ৰাৰম্ভিক লক্ষণৰ সৈতে আমাৰ মুদ্ৰাস্ফীতিৰ পূৰ্বানুমানৰ ওলোটা বিপদাশংকাবোৰ বাস্তৱায়িত হৈছে ।" প্ৰতিবেদনখনত কোৱা হৈছে । লক্ষণীয়ভাৱে ভাৰতত খুচুৰা মুদ্ৰাস্ফীতি জুনৰ ৪.৯ শতাংশৰ পৰা জুলাইত ৭.৪ শতাংশলৈ বৃদ্ধি পাইছে । মুদ্ৰাস্ফীতিৰ শেহতীয়া বৃদ্ধিৰ কাৰণ হ'ব পাৰে সমগ্ৰ ভাৰতত বিলাহী আৰু অন্যান্য পাচলিৰ মূল্যৰ বৰ্তমান বৃদ্ধি ।