পণ্ডিত জৱাহাৰলাল নেহৰুৱে সদনখনক এক মহান প্ৰতিষ্ঠান হিচাপে বৰ্ণনা কৰি কৈছিল যে, এই সদনে বিশ্বৰ সাত ভাগৰ এভাগ জনগণৰ ইতিহাস ৰচনা কৰিব ৷ লোকসভাৰ প্ৰথমজন অধ্যক্ষ গণেশ বাসুদেৱ মাৱলাংকাৰে সদনৰ মহান পৰম্পৰা তথা প্ৰমূল্য সমূহক ধৰি ৰাখিবলৈ অক্লান্ত প্ৰচেষ্টা কৰিছিল ৷ বিশ্বখ্যাত বাতৰি কাকত “দ্য গাৰডিয়ানে” ভাৰতীয় সদনক প্ৰশংসা কৰি কৈছিল যে সমগ্ৰ এছিয়াৰ বাবে এই সদনক এখন বিদ্যালয় বুলি পণ্ডিত নেহৰুৱে দাবী কৰিব পাৰে ৷ ওপৰত উল্লেখ কৰা কথা সমূহে এই কথা স্পষ্ট কৰি দিয়ে যে সেই দিনবোৰত সদনৰ সন্মানীয় সদস্য সকলে জনতাৰ সেৱাত নিজকে সম্পূৰ্ণৰূপে নিয়োজিত কৰিছিল ৷
সেই দিনবোৰত সদনে দৃষ্টান্তমূলক দূৰদৰ্শিতাৰ প্ৰদৰ্শন কৰিছিল বুলি এই কথাৰ পৰাই জানিব পাৰি যে সদনে অনুভৱ কৰিছিল যে সাংসদৰ ভাৱমূৰ্ত্তিৰ ক্ষতি কৰা যিকোনো কাৰ্যই গণতন্ত্ৰক এক ডাঙৰ বিপদলৈ থেলি দিব ৷ নিজৰ নিজৰ ৰাজনৈতিক আনুগত্যতা একাষৰীয়াকৈ ৰাখি ভুল বুলি প্ৰমাণিত হোৱা সদস্য সকলক অপসাৰণ কৰিবলৈ সেই সময়ৰ সাংসদ সকল একত্ৰিত হৈছিল ৷ কংগ্ৰেছ সাংসদ ফিৰোজ গান্ধীয়ে মুদগল নামৰ সদস্য এজনে সদনত প্ৰশ্ন উত্থাপন কৰিবলৈ দুহাজাৰ টকা লোৱাৰ তিক্ততাপূৰ্ণ অধ্যায়টি উন্মোচন কৰিছিল ৷ যদিও মুদগল কংগ্ৰেছৰেই সদস্য আছিল; তথাপি নেহৰুৱে ১৯৫১ চনৰ চেপ্তেম্বৰ মাহত তেওঁক দলৰ পৰা অপসাৰণ কৰিছিল ৷ তেওঁ তেনেকৈয়ে সদনৰ পৱিত্ৰতা বজাই ৰখাৰ ক্ষেত্ৰত নিজকে উচৰ্গা কৰিছিল ৷
মহান নেতা সকলে প্ৰদৰ্শন কৰা সেই মূল্যবোধবোৰ ১৭ টা সাধাৰণ নিৰ্বাচনৰ পাচত ক’লৈ গ’ল ক’ত হেৰাল ? সদনৰ পৰা বিধান সভালৈকে প্ৰত্যেকখন বিধায়িনী সন্থাই অপৰাধৰ আখ্যান থকা ব্যক্তিৰে পৰিপূৰ্ণ হৈ আছে ৷ তেনেস্থলত বিধায়িনী ব্যৱস্থাটো কোন গহ্বৰত সোমাল ?
বৃটিছ সকলে চৰকাৰৰ ৰাজহ আৰু আয়ৰ সম্পৰ্কে সবিশেষ আলোচনা কৰিবলৈ বছৰত এবাৰ আইনসভা অনুষ্ঠিত কৰিছিল ৷ যি নহওক, ভাৰতবৰ্ষৰ সংবিধান কাৰ্যকৰী হোৱাৰ পাচত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে সদনৰ দুখন অধিৱেশনৰ মাজত ছমাহতকৈ বেছি ব্যৱধান থকাটো উচিত নহ’ব ৷ ড৹ ভীমৰাও আম্বেদকাৰে গণতান্ত্ৰিক জৱাৱদিহিতাৰ এজন সমৰ্থক হিচাপে তেওঁ নিজৰ সংবিধানখনত কৈছিল যে জনতাৰ সদনখনৰ প্ৰতি চৰকাৰ জৱাৱদিহি ৷ কিন্তু আজিৰ পৰিস্থিতি ইমানেই দুখলগা, ইমানেই কৰুণ যে সদনৰ দাৰা গৃহীত প্ৰস্তাৱ সমুহো কাৰ্যকৰীকৰণ কৰিব পৰা নাযায় ৷