নিউজ ডেস্ক, ২ আগষ্ট :বিহাৰৰ কাটিহাৰৰ বালিয়া বেলোন আৰক্ষী থানা অঞ্চলৰ সিংপুৰ গাঁৱত মঙলবাৰে নিশা একেটা পৰিয়ালৰ তিনিগৰাকী ব্যক্তিক হত্যা কৰা হয় । এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । অপৰাধীয়ে এগৰাকী মহিলা আৰু তেওঁৰ দুই সন্তানক ডিঙি কাটি হত্যা কৰে । প্ৰাপ্ত তথ্য অনুসৰি, চাফাদ জাৰিন নামৰ মহিলাগৰাকীৰ লগতে তেওঁৰ আঠ বছৰীয়া কন্যা আৰু পাঁচ বছৰীয়া পুত্ৰৰ মৃতদেহ ঘৰৰ ভিতৰতে তেজেৰে তুমৰলি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ।
ঘটনাটো সংঘটিত হৈছে কাটিহাৰ জিলাৰ বালিয়া বেলন আৰক্ষী থানা অঞ্চলত । জানিব পৰা মতে, মৃত মহিলাগৰাকীৰ স্বামীয়ে গাঁওখনৰ ওচৰতে অনুষ্ঠিত মহৰমৰ মেলা চাবলৈ গৈছিল । সেই সময়তে অপৰাধীয়ে ঘৰত প্ৰৱেশ কৰি ঘটনাটো সংঘটিত কৰে । প্ৰথমে দুৰ্বৃত্তই ভুক্তভোগীক জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা কৰিছিল । কিন্তু তেওঁক জ্বলাই দিয়াত বিফল হোৱাৰ পিছত মহিলাগৰাকী আৰু তেওঁৰ সন্তানক ডিঙি কাটি নিৰ্মমভাৱে হত্যা কৰে । ঘটনাটো শেষ নিশা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।
মহিলাগৰাকীৰ স্বামী ফিৰোজে দিল্লীত বাস কৰে আৰু শ্ৰমিক হিচাপে কাম কৰে । বৰ্তমান তেওঁ কাটিহাৰৰ ঘৰলৈ আহিছে । কিন্তু ঘটনাটোৰ সময়ত তেওঁ ঘৰত নাছিল । তেওঁৰ পত্নী চাফাদ জাৰিনে তেওঁলোকৰ দুই সন্তানৰ সৈতে ঘৰতে শুই আছিল । তেনে সময়তে অপৰাধীয়ে প্ৰৱেশ কৰি শুই থকা অৱস্থাত মাতৃ, পুত্ৰ আৰু কন্যাৰ শৰীৰত কেৰাচিন তেল ঢালি দিছিল । কেৰাচিনতেল ঢালি দিয়াৰ পিছতে আটাইকেইজনে টোপনিৰ পৰা সাৰ পায় । কিন্তু তেওঁলোকে কিবা কৰাৰ পূৰ্বে অপৰাধীয়ে তিনিওজনৰে ডিঙি কাটি দিয়ে ।