নেশ্যনেল ডেস্ক, 25 আগষ্ট:বিহাৰৰ সমষ্টিপুৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ধৰ্ষণৰ ঘটনা ৷ তিনিজনকৈ পুৰুষৰ কামনাৰ বলি হ’ল এগৰাকী 16 বছৰীয়া কিশোৰী ৷ আনকি কিশোৰীগৰাকীৰ শৰীৰৰ বিভিন্ন স্থানত গম্ভীৰ আঘাতৰ চিন স্পষ্ট বুলিও আৰক্ষীয়ে জনায় ৷ নিজৰ অসৎ স্বাৰ্থ সিদ্ধি হোৱাৰ পিচতে কিশোৰীগৰাকীক পথৰ দাঁতিত পেলাই পলায়ন কৰে তিনি অভিযুক্তই ।
কিশোৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিচতে কিশোৰীগৰাকীয়ে সমগ্ৰ কাহিনী আৰক্ষীৰ আগত বিৱৰি কয় । ইয়াৰ পিছত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।
ছাত্ৰীগৰাকীয়ে জনোৱা মতে, 16 আগষ্টৰ নিশা 1 বজাত তেওঁ আৰু তেওঁৰ পিতৃ কলকাতাৰ উভতি আহি পৰা সমষ্টিপুৰ ষ্টেচনত নামিছিল । ষ্টেচন চৌহদত এখন বলেৰ’ ৰখাই থোৱা আছিল । বলেৰ’ চালকজনজনে তেওঁলোকক ঘৰলৈ লৈ যাব বুলি ক’লে ৷ উক্ত সময়ছোৱাত আন এজন ব্যক্তিও বলেৰ’খনত বহি আছিল আৰু চালকজনে সেইগৰাকীও এজন যাত্ৰী বুলি জনায় । ইয়াৰ পিছত সেই গাড়ীখনত পিতৃ-কন্যা দুয়ো বহিল । মুক্তাপুৰৰ ওচৰত সেই ব্যক্তিজনে পিতৃ-কন্যা দুয়োকে শীতল পানীয় দিছিল । শীতল পানীয় খোৱাৰ পিছত দুয়ো অজ্ঞান হৈ পৰে বুলি ভুক্তভোগী কিশোৰীগৰাকীয়ে জনায় ।
পৰৱৰ্তী সময়ত ধৃত অভিযুক্তই কয় যে, পিতৃ-কন্যা অজ্ঞান হোৱাৰ পিছত তেওঁলোকৰ পৰা টকা আৰু মোবাইল লৈ যায় । পুছা ৰোড এলেকাত কিশোৰীগৰাকীৰ পিতৃক গাড়ীৰ পৰা পেলায় দিয়া হয় । ইয়াৰ পিছত চালকসহ তিনিজন লোকে চলন্ত বাহনত কিশোৰীগৰাকীক ধৰ্ষণ কৰে । ধৰ্ষণৰ পিছত অপৰাধীয়ে মুজাফ্ফৰপুৰৰ সকৰা থানা এলেকাত অৰ্ধ উলংগ কৰি কিশোৰীগৰাকীক অচেতন অৱস্থাত পেলাই দিয়ে ।