আগৰতলা, 2 ডিচেম্বৰ :ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে(Tripura Chief Minister Biplab Kumar Deb) বৃহস্পতিবাৰে কয় যে, ৰাজ্যখনত অপৰাধৰ হাৰ যথেষ্ট হ্ৰাস পাইছে । এক বৃহৎ ৰক্তদান শিবিৰ সম্বোধন কৰি মুখ্যমন্ত্ৰী দেৱে কয় যে, ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে প্ৰায় ১৯.৬ শতাংশ অপৰাধ হ্ৰাস পাইছে(Crime rate in Tripura has been reduced says CM) । তথ্য প্ৰদান কৰি মুখ্যমন্ত্ৰী দেৱে কয় যে ৰাজ্যখনত পথ দুৰ্ঘটনাৰ পৰা আৰম্ভ কৰি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ হ্ৰাস পাইছে ।
তেওঁ কয়, " ২০১৯ চনত ৬৫৫ টা, ২০২০ চনত ৪৬৬ টা পথ দুৰ্ঘটনা পঞ্জীয়ন হৈছিল । ২০১৯ চনত ১৯৫ টা ধৰ্ষণ সংঘটিত হৈছিল আৰু ২০২০ চনত ১৬৫ টা ধৰ্ষণ সংঘটিত হৈছিল। ১৫৩ টা হত্যাৰ অপচেষ্টা কৰা গোচৰ আছিল যি পিছত ১১৭ টা গোচৰলৈ হ্ৰাস হৈছে । ২০১৯ চনত ১৪৪ টা হত্যা সংঘটিত হোৱাৰ বিপৰীতে ২০২০ চনত হৈছিল ১১৪ টা হত্যা "। তেওঁ লগতে কয় যে ২০১৯ চনত ০৬ টা ডকাইতি হৈছিল ৷ কিন্তু ২০২০ চনত ০৩ টা ডকাইতিহে সংঘটিত হৈছিল ৰাজ্যখনত ৷ ইয়াৰোপৰি ২০১৯ চনৰ ২২ টা চিলনী চোৰৰ ঘটনাৰ বিপৰীতে ২০২০ চনত মাত্ৰ ০৪ টা ঘটনা সংঘটিত হৈছিল ৷