অসম

assam

ETV Bharat / bharat

Cricketer sentenced to 10 years in jail: কিশোৰীৰ আত্মহত্যাৰ গোচৰত দোষী সাব্যস্ত ক্ৰিকেটাৰ সুমিত জুয়াল - Cricketer Sumit Juyal sentenced to jail

উত্তৰাখণ্ডৰ এগৰাকী উদীয়মান ক্ৰিকেটাৰক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি । এগৰাকী কিশোৰীক নিৰ্যাতন আৰু আত্মহত্যাৰ গোচৰত দোষী সাব্যস্ত ক্ৰিকেটাগৰাকী ৷ বিশেষ ফাষ্ট ট্ৰেক আদালতে এগৰাকী কিশোৰীক আত্মহত্যাৰ বাবে উচটনি দিয়া গোচৰত দোষী সাব্যস্ত কৰে ক্ৰিকেটাৰগৰাকীক ।

Cricketer sentenced to 10 years in jail
কিশোৰীৰ আত্মহত্যাৰ গোচৰত দোষী সাব্যস্ত ক্ৰিকেটাৰ সুমিত জুৱাল

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 10:46 PM IST

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ:উত্তৰাখণ্ডৰ ক্ৰিকেটাৰ সুমিত জুয়ালক এগৰাকী কিশোৰীক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা গোচৰৰ শুনানী গ্ৰহণ কৰি ন্য়ায়াধীশ পংকজ তোমাৰৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে তেওঁক দোষী সাব্যস্ত কৰে ৷ আদালতে ক্ৰিকেটাৰ সুমিত জুয়ালক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ লগতে ১০ হাজাৰ টকা জৰিমনাও বিহে ৷

৬ বছৰ পূৰ্বে ডেৰাডুনত আত্মহত্যা কৰিছিল কিশোৰীগৰাকীয়ে: ২০১৭ চনৰ ৯ ডিচেম্বৰত কিশোৰীগৰাকীয়ে নিজৰ কোঠাত আত্মহত্যা কৰিছিল । এই ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পিতৃয়ে ২০১৭ চনৰ ১৫ ডিচেম্বৰত ক্লেমেণ্টাউন থানাত গোচৰ ৰুজু কৰিছিল । কন্যাৰ মৃত্যুৰ পিচতে কোঠাটোত তালাচী চলোৱাৰ কথাও স্বীকাৰ কৰে কিশোৰীগৰাকীৰ পিতৃয়ে।

কিশোৰীগৰাকীৰ শেষৰ চাট সুমিত জুৱালৰ সৈতে পোৱা গৈছিল:ক্লেমেণ্টটাউনৰ ভাৰুৱালাৰ বাসিন্দা সুমিত জুৱালৰ সৈতে তেওঁৰ কন্যাৰ যোগাযোগ আছিল । কিশোৰীগৰাকীৰ মোবাইলত শেষৰ চাটটো কেৱল সুমিতৰ লগতহে আছিল । ইয়াত কিশোৰীগৰাকীয়ে উল্লেখ কৰিছিল "সুমিত, তুমি সলনি নহ’বা ! বাই" ৷ কিশোৰীগৰাকীৰ ডায়েৰীতো সুমিতৰ বিষয়ে উল্লেখ আছিল ।

ভুৱা ক্ৰীড়া প্ৰতিযোগিতাৰ অজুহাতত নিৰ্যাতন: সুমিতে কিশোৰীগৰাকীক খেলত অংশগ্ৰহণ কৰাৰ নামত চহৰৰ বাহিৰলৈ লৈ গৈছিল । ইয়াৰ বাবে তেওঁ ভুৱা পত্ৰও তৈয়াৰ কৰিছিল । পত্ৰখনত অধ্যাপকৰ নাম আছিল যদিও ফোন নম্বৰটো আছিল সুমিতৰ । এই পত্ৰখন দেখি কিশোৰীগৰাকীৰ পৰিয়ালে তেওঁক খেলা-ধূলাত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়ে ।

সুমিত জুয়ালেও কিশোৰীগৰাকীক ব্লেকমেইল কৰিছিল:সুমিতে কিশোৰীগৰাকীক লগত লৈ গৈ নিৰ্যাতন চলাইছিল । তেওঁ কিশোৰীগৰাকীক ব্লেকমেইলিং কৰি ধন দাবীও কৰিছিল । এই গোচৰত প্ৰাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে সুমিতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিছত অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয় ।

কি ক’লে উকীলে?চৰকাৰী অধিবক্তা কিশোৰ সিঙে কয় যে এই গোচৰত মুঠ ১০ জন সাক্ষী দাখিল কৰা হৈছে । এই সাক্ষীসকলৰ সাক্ষ্য আৰু প্ৰমাণৰ ভিত্তিত আদালতে সুমিতক দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । আদালতে অভিযুক্ত সুমিত জুয়ালক ১০ হাজাৰ টকাৰ জৰিমনাও বিহিছে ।

সুমিত জুয়াল এজন উদীয়মান ক্ৰিকেটাৰ: সুমিত জুয়াল উত্তৰাখণ্ড ক্ৰিকেট দলৰ উদীয়মান খেলুৱৈ হিচাপে পৰিগণিত । তেওঁ মধ্যম দ্ৰুত গতিৰ বোলাৰ । বৰ্তমান তেওঁ জ্যেষ্ঠ ক্ৰিকেট দলৰ শিবিৰত অংশগ্ৰহণ কৰি আছিল । তেওঁৰ পিতৃয়ে দেওবাৰে অজুহাত দেখুৱাই শিবিৰৰ পৰা ঘৰলৈ লৈ গৈছিল । ২০১৯ চনতো এটা জালিয়াতিৰ গোচৰত তেওঁৰ নাম ওলাইছিল । উত্তৰাখণ্ডৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দলৰ নিৰ্বাচনত ভুল বয়স দেখুওৱাৰ বাবে বিচিচিআইয়ে দুবছৰৰ বাবে নিষিদ্ধ কৰিছিল সুমিত জুয়ালক ।

লগতে পঢ়ক:Wife kills husband: তামিলনাডুত চেপ্টিক টেংকৰ পৰা উদ্ধাৰ কংকাল, গ্ৰেপ্তাৰ পত্নী

ABOUT THE AUTHOR

...view details