নেশ্যনেল ডেস্ক,১৩ অক্টোবৰ :প্ৰতিদিনে দেশত চাইবাৰ অপৰাধীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । নতুন নতুন কৌশল অৱলম্বন কৰি বিভিন্নজনক লুটিছে । এইবাৰ 'মেক মাই ট্ৰিপ' নামৰ এপৰ নাম লৈ যুৱকক ৭ লাখ টকাৰ লুণ্ঠন । ঘটনা সন্দৰ্ভত লক্ষ্ণৌৰ চাইবাৰ অপৰাধ আৰক্ষী থানাত গোচৰ ৰুজু ।
ঘটনাতো উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত সংঘটিত হৈছে । এজন যুৱকে তেওঁৰ পৰিয়ালৰ সৈতে হিমাচল প্ৰদেশ ভ্ৰমণ কৰিব বিচাৰিছিল । যাৰ বাবে মেক মাই ট্ৰিপ এপত পালমপুৰলৈ এখন টেক্সি বুক কৰিছিল । ৫ দিনৰ পাছত তেওঁলৈ এটা ফোন আহিল আৰু ক'লে যে তেওঁৰ টেক্সিখন বাতিল কৰা হৈছে । তেতিয়া যুৱকজনে পৰিশোধ কৰা ধন খিনি ওভতাই বিচাৰিলে । কিন্তু ধন ওভতাই পোৱাৰ পৰিৱৰ্তে চাইবাৰ প্ৰৱঞ্চকে মাত্ৰ ৭ মিনিটত তেওঁৰ একাউণ্টৰ পৰা ৭ লাখ টকা লুটি লৈ গ'ল । যুৱকজনে লগে লগে গম পাইছিল যে তেওঁ চাইবাৰ অপৰাধীৰ জালত পৰিছে । তাৰ পাছতে বৃহস্পতিবাৰে যুৱকজনে চাইবাৰ অপৰাধ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।
জানিব পৰা মতে বৃন্দাবন যোজনাৰ বাসিন্দা বিপিন কুমাৰ আগৰৱালাই বন্ধৰ সময়ত হিমাচল প্ৰদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছিল । টেক্সিখন বাতিল কৰাৰ পাছত যুৱকজনৰ ধন হোপ টু ডেস্ক এপত ঘূৰাই দিয়া হৈছে বুলি কোৱা হৈছিল । সেই এপটো তেওঁক পৰীক্ষা কৰিবলৈও কোৱা হৈছিল ।