নিউজ ডেস্ক, ২৯ আগষ্ট: ভগ্নীক আজীৱন ৰক্ষাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ গৈ ৰাখী বন্ধনৰ মাত্ৰ দুদিন পূৰ্বে অকাল মৃত্য়ুক আঁকোৱালি ল’লে এজন ভাতৃয়ে ৷ ভগ্নীৰ শ্লীলতা ৰক্ষা কৰিবলৈ গৈ এচাম উদণ্ডৰ প্ৰহাৰত নিৰ্মম মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল এগৰাকী ভাতৃয়ে ৷ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷ মৃত ছাত্ৰজন প্ৰয়াগৰাজৰ খেৰী থানা এলেকাৰ বাসিন্দা কিশোৰ বুলি জানিব পৰা হৈছে ৷ বিদ্যালয়ত সূত্ৰপাত হোৱা বিবাদৰ ফলতেই সমনীয়াৰ প্ৰহাৰত মৃত্যু হয় যুৱকজনৰ ৷
দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰে সোমবাৰে তেওঁ সম্বন্ধীয় ভগ্নীৰ লগত বিদ্যালয়লৈ যোৱাৰ সময়ত কোনো কাৰণত সমনীয়াৰ লগত বাক-বিতণ্ডা হয় ৷ স্কুলৰ পৰা ঘৰলৈ অহাৰ পথত তুৰ্কপুৰৱা অঞ্চলত পুনৰ ছাত্ৰকেইজনৰে বিবাদ হয় কিশোৰৰ । পৰিয়ালৰ লোকৰ অভিযোগ যে কিশোৰৰ ভগ্নীয়ে যেতিয়া তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিছিল তেতিয়া ভগ্নীৰ ওপৰত তেওঁলোকে নিৰ্যাতন চলায় । কিশোৰে ইয়াৰ বিৰোধিতা কৰাত অন্য সম্প্ৰদায়ৰ ছাত্ৰকেইজনে কাঠৰ তক্তাৰে কিশোৰক প্ৰহাৰ কৰে ।
ইফালে হুলস্থুল শুনি আশে-পাশে থকা লোকসকলে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰে । অলপ সময়ৰ ভিতৰতে সেই স্থানত আৰক্ষী উপস্থিত হৈ আহত কিশোৰক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু চিকিৎসালয়ত চিকিৎসকে কিশোৰক মৃত ঘোষণা কৰে । এই ঘটনাৰ তথ্য লাভ কৰাৰ পাচতেই ক্ষোভিত হৈ পৰে কিশোৰৰৰ পৰিয়ালৰ লগতে গাঁওবাসী ৷ তেওঁলোকে ইয়াৰ প্ৰতিবাদত সন্ধিয়া পথ অৱৰোধ কৰে ।