নেশ্যনেল ডেস্ক, 31 আগষ্ট :উত্তৰাখণ্ডৰ ডেৰাডুনত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ নিজকে চিবিআইৰ লোক বুলি পৰিচয় তিনি দুৰ্বৃত্তই লুটপাত কৰা, মহিলাৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰাৰ লগতে তিনিজনকৈ লোকক অপহৰণ কৰাৰ বাতৰি পোহৰলৈ আহিছে ৷
ভুক্তভোগী অমিত কুমাৰে অভিযোগ কৰা অনুসৰি যোৱা 29 আগষ্টত তেওঁ তেওঁৰ সহযোগী মুকুল ত্যাগী আৰু তেওঁৰ এগৰাকী মহিলা বন্ধুৰ সৈতে সহস্ৰধাৰা ৰোডৰ তেওঁলোকৰ ফ্লেটত আছিল ৷ পুৱা তিনিজন অচিনাক্ত ব্যক্তি ফ্লেটলৈ আহিছিল ৷ তিনিওজনে নিজকে চিবিআই দিল্লীৰ বিষয়া বুলি পৰিচয় দিছিল ৷ তাৰ পিচতে দলটোৱে তিনিগৰাকীৰ ওপৰত আক্ৰমণ কৰে ৷ দজলটোৱে মুকুল ত্যাগী আৰু তেওঁৰ মহিলা বন্ধুৰ এটা অশ্লীল ভিডিঅ'ও ফোনত ৰেকৰ্ড কৰিছিল ৷
তাৰ পিচতে দলটোৱে তেওঁলোকৰ মূৰত পিষ্টল টোৱাঁই কোঠাটোত ৰখা 4 লাখ টকা, লেপটপ আৰু মোবাইল কাঢ়ি লৈ যায় ৷ পৰৱৰ্তী সময়ত দলটোৱে তিনিওকে লৈ পেৰেড গ্ৰাউণ্ডৰ ওচৰত থকা ভুক্তভোগীৰ কাৰ্যালয়লৈ লৈ যায় ৷ তাত, তিনিজন দুৰ্বৃত্তই কাৰ্যালয়টো ভাঙি চূৰমাৰ কৰে ৷ ইয়াৰ পিচত তিনিওজন অভিযুক্তই অমিত কুমাৰ আৰু মুকুল ত্যাগীক এখন গাড়ীত ইফালে সিফালে ঘূৰাই ফুৰিছিল ৷ দলটোৱে তিনিওজনৰ পৰা বাৰে বাৰে 30 লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল ৷