লক্ষ্ণৌ, 4 জানুৱাৰী: বহু প্ৰতীক্ষাৰ অন্তত অহা 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব অযোধ্যাৰ ৰাম মন্দিৰৰ ৷ যাৰ বাবে সমগ্ৰ অযোধ্যা তথা উত্তৰ প্ৰদেশৰ লগতে দেশৰ আন বহু প্ৰান্তত ব্যাপক উচাহ দেখা গৈছে ৷ কিন্তু তাৰ মাজতে পোহৰলৈ আহিছে এক উদ্বেগজনক খবৰ ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত ব্যাঘাত জন্মোৱাৰ উদ্দেশ্যে এটা শক্তিয়ে গোপনে ৰচনা কৰিছে কূটকৌশল ৷ মহাৰাষ্ট্ৰৰ ছত্ৰপতি সাম্ভাজীনগৰ গাঁৱত ৰচনা কৰা হৈছে গোপন অভিসন্ধি ৷ কেৱল এয়াই নহয়, অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যত বিঘিনি ঘটোৱাৰ বাবে যিকোনো ত্যাগ স্বীকাৰ কৰিবলৈ সাজু হৈছে গাঁওখনৰ 11 গৰাকীকৈ যুৱক ৷
উত্তৰ প্ৰদেশ এছ টি এফৰ চাৰ্ভিলেন্সত এই দলটোৰ সকলো অভিসন্ধি ফাদিল হয় ৷ অতিশীঘ্ৰে এ টি এছৰ মুখ্য কাৰ্যালয়ত এই 11 গৰাকী যুৱকক সোধা-পোছা কৰিব বিষয়াসকলে ৷ ইতিমধ্যে এই বিষয় সন্দৰ্ভত জাননী জাৰি কৰিছে এ টি এছে ৷
দৰাচলতে, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ তাৰিখ ঠিৰাং কৰাৰ পিচৰে পৰা একাংশ ৰাষ্ট্ৰ বিৰোধী শক্তিয়ে অযোধ্যাত অশান্তি বিয়পোৱাৰ লগতে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে পৰিকল্পনা কৰি আহিছে ৷ যাৰ বাবে উত্তৰ প্ৰদেশ এ টি এছে নিজৰ নিৰীক্ষণ তথা চাৰ্ভিলেন্স অধিক সক্ৰিয় কৰি তুলিছে ৷ ছ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি গ্ৰাউণ্ড জিৰ’লৈকে এ টি এছে নিজৰ তীক্ষ্ণ নজৰ ৰাখিছে ৷
সংস্থাটোৱে তথ্য লাভ কৰিছিল যে 22 জানুৱাৰীৰ আশে-পাশে অযোধ্যাৰ পৰিৱেশ বিনষ্ট কৰি তাত কিবা এটা ডাঙৰ কূটাঘাত সংঘটিত কৰাৰ লক্ষ্যৰে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাৰ ছাত্ৰপতি সাম্ভাজীনগৰ গাঁৱৰ বাসিন্দা মিৰ্জা ছাইফ বেইগ, আব্দুল ৱাহিদ, য়াছিৰ, জিয়াউদ্দিন ছিদ্দিকী, থোৰ ভান, এছ কে খালিদ, তাহিৰ, হাবিবকে ধৰি 11 জন যুৱকে ছ’চিয়েল মিডিয়াত উচটনি দিছিল বিভিন্নজনক ।