নেশ্যনেল ডেস্ক, ০৭ জানুৱাৰী :বিঠুৰ থানাৰ অন্তৰ্গত ৰাম নগৰৰ নিবাসী আইআইটিৰ এজন প্ৰাক্তন বিষয়াৰ পৰা ২১ লাখ টকা প্ৰৱঞ্চনাৰে সৰকালে প্ৰৱঞ্চকে । এই সন্দৰ্ভত আৰক্ষী আয়ুক্তক উচিত ব্যৱস্থা ল’বলৈ অনুৰোধ জনায় ভুক্তভোগীগৰাকীয়ে । শনিবাৰে নিশা এই সন্দৰ্ভত ৰুজু কৰা হয় গোচৰ । গোচৰ ৰুজুৰ পাচতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
কেনেদৰে প্ৰৱঞ্চনাৰ জালত পৰিল অভিলাষ ?
ৰাম নগৰৰ নিবাসী অভিলাষ আইআইটিৰ প্ৰাক্তন আধিকাৰী আছিল ৷ তেওঁ উল্লেখ কৰা অনুসৰি, ২৩ নৱেম্বৰত তেওঁ আমেৰিকাৰ নৰ্থ কেৰ’লিনাৰ বাসিন্দা এমা উইলছনৰ সৈতে ফেচবুকৰ জৰিয়তে বন্ধুত্ব গঢ়ি তুলিছিল । তাৰ পাচত হোৱাটছএপৰ জৰিয়তে আৰম্ভ হৈছিল কথা-বতৰা ৷ উইলছনে নিজকে চিকিৎসক আৰু তেওঁৰ খুড়াক ষ্টিভ বিজ্ঞানী বুলি উল্লেখ কৰিছিল । লগতে তেওঁৰ ককাকৰ এটা ঔষধ নিৰ্মাণ কোম্পানী আছে বুলি উল্লেখ কৰে অভিলাষে ৷
তেওঁলোকে ভাৰতৰ পৰা বনৌষধি আমদানি কৰে । এনেদৰে এদিন বনৌষধি আমদানি কৰাৰ হেতুকে উইলছনে অভিলাষক ঝান্সিৰ গুপ্তা উপাধিৰ এজন লোকৰ দোকানৰ ঠিকনা দিলে ৷ অভিলাষে সেই ঠিকনাত উপস্থিত হোৱাত গম পালে যে ব্যক্তিজনৰ কৰ’ণা কালত মৃত্যু হৈছে । তাত তেওঁ অসমৰ শান্তি শৰ্মা নামৰ এজন লোকৰ পৰা বনৌষধি লৈছিল । অভিলাষে এই তথ্য উইলছনক দিলে । ইয়াৰ পিছত ষ্টিভে শান্তি শৰ্মাৰ নম্বৰ পঠালে ।
এই সকলোবোৰৰ জৰিয়তে প্ৰকৃতাৰ্থত অভিলাষক প্ৰলোভিত কৰা হৈছিল ৷ যাতে অভিলাষেও এই বনৌষধিৰ জৰিয়তে অৰ্থ উপাৰ্জন কৰিব পাৰে ।
শান্তি শৰ্মালৈ ৮০ হাজাৰ টকা প্ৰেৰণ, ইয়াৰ পৰাই খেল আৰম্ভ :
অভিলাষে প্ৰথমে শান্তিৰ সৈতে যোগাযোগ কৰি ৮০ হাজাৰ টকা প্ৰেৰণ কৰে । ইয়াৰ পিচত শান্তিয়ে অভিলাষলৈ ১০০ গ্ৰাম বনৌষধিৰ পেকেট এটা পঠিয়াই দিয়ে । অভিলাষে যেতিয়া পেকেটটোৰ ফটোখন ষ্টিভলৈ পঠিয়াই দিলে, তেতিয়া ষ্টিভে আৰু ২০০ টা এনে পেকেট অৰ্ডাৰ দিবলৈ ক’লে । অভিলাষে যেতিয়া শান্তিৰ সৈতে পুনৰ যোগাযোগ কৰিলে, তেতিয়া শান্তিয়ে ৫ লাখ টকা বিচাৰিলে । ইয়াৰ পিচত তেওঁ পত্নীৰ একাউণ্টৰ পৰা শান্তিয়ে উল্লেখ কৰা উমেশ এণ্টাৰপ্ৰাইজৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰে ।
ষ্টিভে ক’লে- বিদেশী বেংকত একাউণ্ট খুলিব :
৫ লাখ টকা প্ৰেৰণ কৰাৰ পিচত অভিলাষে শান্তিক ১ কোটি ৬০ লাখ টকাৰ ১০ শতাংশ (মুঠ ২০০ পেকেট ঔষধৰ পৰিমাণ) প্ৰেৰণ কৰিবলৈ কয় । এই বিষয়ে তেওঁ নাকচ কৰিলে । ইয়াৰ ওপৰত শান্তিয়ে বাকী থকা ধন হেৰুৱাৰ ভাবুকি দিলে । তাৰ পিচত অভিলাষে যেতিয়া ষ্টিভক গোটেই কাহিনীটো ক’লে, তেতিয়া ষ্টিভে তেওঁক বিদেশী বেংক একাউণ্টৰ তথ্য দি তাত একাউণ্ট খুলিবলৈ ক’লে ।
অভিলাষে সেই একাউণ্টটো পৰীক্ষা কৰোতে ২.৫ লাখ পাউণ্ডৰ ধনৰাশি প্ৰত্যক্ষ কৰিলে । অৱশ্যে একাউণ্ট খোলাৰ নামত অভিলাষে আৰু ১০.৭৩ লাখ টকা ট্ৰেন্সফাৰ কৰিছিল ৷ ইফালে টকা ট্ৰেন্সফাৰ কৰা পিচদিনা অভিলাষে ষ্টিভৰ সৈতে যোগাযোগ কৰিবলৈ বহু চেষ্টা কৰিও বিফল হ’ল ৷
অভিলাষে উল্লেখ কৰা অনুসৰি, ষ্টিভৰ সকলো নম্বৰ অফ পালে ৷ তেতিয়াই যেন সৰগ বাগৰি পৰিল অভিলাষৰ মূৰত ৷ কি কৰিব ক’লৈ যাব ৷ উপায়ন্তৰ হৈ অভিলাষে এই প্ৰৱঞ্চকৰ বিৰুদ্ধে থানাত দাখিল কৰে এক গোচৰ ৷ অভিলাষৰ মতে, এই সমগ্ৰ প্ৰৱঞ্চনাৰ ফলত তেওঁৰ পৰা মুঠ ২১ লাখ টকা লুটি হৈ যায় প্ৰৱঞ্চকৰ দলে ৷
লগতে পঢ়ক :বৰ্ধিত ঠাণ্ডাৰ মাত্ৰাৰ বাবে দিল্লীত জাৰি হালধীয়া সতৰ্কবাণী