নেশ্যনেল ডেস্ক,১৭ জুলাই : ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত চাঞ্চল্যকৰ ঘটনা । পাৰ্টি উদযাপন কৰি ঘৰলৈ আহি থকা অৱস্থাতে এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ । নাবালিকাৰ বন্ধু আৰু একাংশ যুৱকে ধৰ্ষণ কৰে কিশোৰীগৰাকীক । ইতিমধ্যে আৰক্ষীয়ে ১০ জন অভিযুক্তক আটক কৰিছে ।
জানিব পৰা মতে ঘটনাটো দোৰাণ্ডা আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত সংঘটিত হৈছিল । সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি কিশোৰীগৰাকীয়ে বন্ধুবৰ্গৰ সৈতে এটা পাৰ্টি উদযাপন কৰি ঘৰলৈ উভতি আহিছিল । কিশোৰীগৰাকীৰে একাংশ বন্ধু আৰু আন যুৱকসকলে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে । একে সময়তে, আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১০ জন অভিযুক্তক আটক কৰিছে । আটাইকেইজনকে আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে ।
খবৰ অনুসৰি অভিযুক্তসকলো নাবালক আছিল । আৰক্ষীয়ে ক্ষিপ্ৰতাৰে গোচৰটোৰ তদন্ত কৰি আছে । ৰাঁচী মহানগৰৰ আৰক্ষী অধীক্ষক শুভংশু জৈনে ঘটনাটো সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয় যে অভিযুক্তসকলৰ কিছুমান ভুক্তভোগীৰ পৰিচিত । তেওঁ উল্লেখ কৰা মতে দুদিন পূৰ্বেও সদৰ আৰক্ষী থানা অঞ্চলত চাৰিজন যুৱকে এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰিছিল ।