নেশ্যনেল ডেস্ক, 25 ছেপ্টেম্বৰ:দেশজুৰি বৃদ্ধি পাবলৈ ধৰিছে অসহিষ্ণুতাৰ ঘটনা ৷ মধ্যপ্ৰদেশৰ সিধিৰ দৰে বিহাৰৰ ৰাজধানী পাটনাটো সংঘটিত হৈছে অনুৰূপ ঘটনা ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে মানৱতাক ভুলুণ্ঠিত কৰা এই লজ্জাজনক ঘটনা । গুণ্ডাৰ দলে এগৰাকী মহাদলিত মহিলাক বেয়াকৈ প্ৰহাৰ কৰাৰ পিছত মুখত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছে । সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । এই ঘটনা সংঘটিত হৈছে পাটনাৰ খুচৰুপুৰ থানা এলেকাত । অৱশ্যে আৰক্ষীয়ে অস্বীকাৰ কৰিছে এই ঘটনাক । আৰক্ষীয়ে জনোৱা মতে, ধনৰ লেনদেনৰ বাবে মহিলাগৰাকীক নিৰ্যাতন চলোৱা হৈছিল ।
আৰক্ষীয়ে কয়, "বিষয়টো ধনৰ লেনদেনৰ । তদন্তত যিটো পোহৰলৈ আহিছে সেয়া হ'ল মহিলাগৰাকীয়ে টকাখিনি ঘূৰাই দিছিল । কিন্তু তেওঁ আন কাৰোবাকো কিছু টকা দিছিল, যিখিনি ঘূৰাই দিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল । কিন্তু, মহিলাগৰাকীৰ কাপোৰ খুলি তাইৰ ওপৰত প্ৰস্ৰাৱ কৰা বুলি ওলোৱাটো মিছা ।"
কি হৈছিল প্ৰকৃততে: চিকিৎসালয়ত ভৰ্তি ভুক্তভোগী মহিলাগৰাকীৰ মতে শনিবাৰে নিশা 10 বজাত পুত্ৰ আৰু চাৰিজন সহযোগীৰ সৈতে গাঁৱৰ এজন গুণ্ডা তেওঁৰ ঘৰলৈ আহিছিল । বলপূৰ্বকভাৱে মহিলাগৰাকীক নিজৰ ঘৰলৈ লৈ যায় গুণ্ডাবাহিনীয়ে । মহিলাগৰাকীৰ কাপোৰ খুলি লাঠিৰে বেয়াকৈ প্ৰহাৰ কৰে । ইয়াৰ পিছত তেওঁ পুত্ৰক মহিলাগৰাকীৰ মুখত প্ৰস্ৰাৱ কৰিবলৈ কয় । কিবাকৈ মহিলাগৰাকীয়ে নিজৰ জীৱনটো বচায় পলাবলৈ সক্ষম হৈছিল বুলি ভুক্তভোগীয়ে কয় ।