অসম

assam

ETV Bharat / bharat

Crime Journalist shot dead: বিহাৰত দুৰ্বৃত্তৰ গুলীত নিহত সাংবাদিক

বিহাৰত সাংবাদিক নিগ্ৰহৰ ঘটনা । ঘৰতে দুৰ্বৃত্তই গুলীয়াই থৈ যায় সাংবাদিকগৰাকীক । এখন দৈনিক বাতৰি কাকতৰ সাংবাদিক আছিল বিমল কুমাৰ যাদৱ ।

Crime Journalist shot dead
বিহাৰত দুৰ্বৃত্তৰ গুলীত নিহত সাংবাদিক

By

Published : Aug 18, 2023, 12:13 PM IST

নেশ্যনেল ডেস্ক,১৮ আগষ্ট :বিহাৰৰ অৰৰিয়াত ভয়ংকৰ ঘটনা । দুৰ্বৃত্তৰ গুলীত নিহত এগৰাকী সাংবাদিক । সাংবাদিকগৰাকী এখন দৈনিক বাতৰি কাকতৰ বিমল কুমাৰ যাদৱ বুলি জানিব পৰা গৈছে । ঘটনাটোক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

জানিব পৰা মতে, পুৱা প্ৰায় ৫ মান বজাত এই ঘটনাটো সংঘটিত হয় । জিলাখনৰ ৰাণীগঞ্জ খণ্ডৰ বিমল কুমাৰ যাদৱ নামৰ সাংবাদিকগৰাকী যোৱা কেইবাবছৰ ধৰি দৈনিক বাতৰি কাকতত ব্লক ৰিপ'ৰ্টাৰ হিচাপে কাম কৰি আছিল । শুকুৰবাৰে পুৱা ৪ দুৰ্বৃত্ত সাংবাদিকগৰাকীৰ ঘৰলৈ আহে । দুৰ্বৃত্তকেইটাই দুৱাৰত টোকৰ মাৰিছিল । বিমলে দুৱাৰখন খোলাৰ লগে লগে দুৰ্বৃত্তই সন্মুখৰ পৰা গুলীচালনা কৰে আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে । সাংবাদিকগৰাকীৰ পৰিয়ালটোৱে বিমলক ততাতৈয়াকৈ ৰাণীগঞ্জ ৰেফাৰেল চিকিৎসালয়লৈ লৈ যায় । কিন্তু চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে ।

ইয়াৰ পাছতে স্থানীয় লোকসকলে ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰে । আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰাৰিয়া সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষী অধীক্ষকো ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে । ইফালে ফৰেনছিকৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈ নমুনা সংগ্ৰহ কৰিছে ।

ঘটনাটোৰ পাছৰে পৰা সাংবাদিকগৰাকীৰ পৰিয়ালৰ লোকসকল আতংকিত হৈ পৰিছে । পৰিয়ালৰ লগতে স্থানীয় লোকসকলে ঘটনাৰ সৈতে জড়িত অপৰাধীক শীঘ্ৰে আটক কৰি শাস্তি প্ৰদানৰ দাবী জনায় । ইয়াৰ মাজতে অৰৰিয়াৰ সাংসদ প্ৰদীপ কুমাৰ সিঙেও ঘটনাস্থলীত উপস্থিত হয় আৰু ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰে । সাংসদগৰাকীয়ে ঘটনাটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিহাৰত অপৰাধজনিত ঘটনা যথেষ্ট বৃদ্ধি পাইছে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে বুলিও তেওঁ দাবী জনায় ।

সাংসদগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে সাংবাদিকগৰাকীৰ ভাতৃকো ৪ বছৰ পূৰ্বে হত্যা কৰা হৈছিল । যদি সেই সময়ত অপৰাধীসকলক শাস্তি দিয়া হ'লহেঁতেন, তেন্তে এই ঘটনা আজি নহ'লহেঁতেন বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে । গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনে ধৰণৰ আক্ৰমণ উচিত নহয় বুলিও তেওঁ উল্লেখ কৰে । সাংসদগৰাকীৰ মতে বিহাৰত এতিয়া যোগী মডেলৰ প্ৰয়োজন, নীতিশ মডেলৰ নহয় ।

লগতে পঢ়ক :Jonai theft incident: চোৰে সৈ কঢ়াৰ পাচতো নাহিল আৰক্ষী; বিবুধিত ৰাইজ

ABOUT THE AUTHOR

...view details