নিউজ ডেস্ক, ২১ জুলাই :অপৰাধৰ আঁৰৰ উদ্দেশ্যই কেতিয়াবা মানুহক আচৰিত কৰি তোলে । তেনে এক ঘটনাই শেহতীয়াকৈ পোহৰলৈ আহিছে । ঘটনাটো সংঘটিত হৈছে বিহাৰৰ ভাগলপুৰৰ নৱগাচিয়াত । শিলিগুৰিৰ পৰা অৱসৰ বিনোদন কৰি উভতি অহাৰ সময়ত এটা যুৱকৰ দলৰ ধন শেষ হৈ গৈছিল । ইফালে তেওঁলোকৰ গাড়ীৰ ডিজেলো শেষ হৈ যায় । যাৰ ফলত ভাগলপুৰ জিলাৰ নৱগাচিয়াত চাৰিজন যুৱকে এটা পেট্ৰ'ল পাম্পত ডকাইতি কৰে । ১০ মে'ৰ নিশা ১.৪০ বজাত যুৱককেইজনে ছুৰী দেখুৱাই ভয় খুৱাই পেট্ৰ'ল পাম্পটোৰ কৰ্মচাৰীক লুট কৰে । আৰক্ষীয়ে চিচিটিভি ফুটেজৰ ভিত্তিত তদন্ত আগবঢ়াই অৱশেষত চাৰিজন যুৱকৰ ভিতৰত তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
নৱগাচিয়াৰ আৰক্ষী অধীক্ষক সুশান্ত কুমাৰ সৰোজে এক সংবাদমেলত কয় যে ১০ মে'ৰ নিশা পৱন বাবা চাকমাইদা পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীক ডকাইতি কৰা হৈছিল । অভিযুক্তকেইজন এখন পাজেৰো বাহনত আহিছিল আৰু গাড়ীখনত তেল ভৰাই উঠি কৰ্মচাৰীক ডকাইতি কৰি ধন লুটি লৈ যায় । খাগৰীয়াৰ চৌথাম আৰক্ষী থানাৰ অন্তৰ্গত পাৰেহ গাঁৱৰ বাসিন্দা কৃষ্ণ প্ৰকাশ আৰু বাংকা জিলাৰ কজৰা আৰক্ষী থানা অঞ্চলৰ বাসিন্দা সঞ্জীৱ কুমাৰ নামৰ পেট্ৰ'ল পাম্পৰ কৰ্মচাৰী দুজনক ডকাইতি কৰা হয় ।
"চাৰিজন অভিযুক্তই শিলিগুৰিৰ পৰা ছুটী কটাই ঘৰলৈ উভতি আহিছিল । ইফালে গাড়ীখনত ডিজেল শেষ হৈ গৈছিল । আনহাতে, তেওঁলোকৰ হাতৰ টকাও শেষ হৈছিল । তেওঁলোকে গাড়ীখনত ডিজেল ভৰাবলৈ পেট্ৰ'ল পাম্পটোত উপস্থিত হয় । টেংকি ভৰ্তি কৰি উঠি কৰ্মচাৰী দুজনক ছুৰীৰে ভয় দেখুৱাই ৩৩,০০০ টকাতকৈ অধিক টকা ডকাইতি কৰে । এই ঘটনাত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । নৱগাচিয়াৰ এছপি সুশান্ত কুমাৰ সৰোজে কয় ।