অসম

assam

ETV Bharat / bharat

Minor Girl Gang Rape : মুজাফ্ফৰপুৰত ৬ পাষণ্ডৰ ২৮ দিন ধৰি ধৰ্ষণ নাবালিকাক - gang rape in muzaffarpur

বিহাৰৰ মুজাফ্ফৰপুৰত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰা হয় । ছয় অভিযুক্তই কিশোৰীগৰাকীক ২৮ দিন ধৰি ধৰ্ষণ কৰে । ইয়াৰ পিছত শিশুটোক নিৰ্দয়ভাৱে পেলাই থৈ মাতৃক ফোন কৰি কন্যাক লৈ যাবলৈ কয় ।

Minor Girl Gang Rape
Minor Girl Gang Rape

By

Published : Aug 7, 2023, 8:27 PM IST

নিউজ ডেস্ক, ৭ আগষ্ট : বিহাৰৰ মুজাফ্ফৰপুৰত এক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে । ঘটনা অনুসৰি, ছয় পাষণ্ডই মিলি এগৰাকী নিৰীহ কিশোৰীক ২৮ দিন ধৰি দলবদ্ধভাৱে বলাৎকাৰ কৰে । যাৰ ফলত কিশোৰীগৰাকীৰ অৱস্থা শোচনীয় হৈ পৰে । ইয়াৰ পিছতে অভিযুক্তই তেওঁৰ মাতৃক ফোন কৰি কন্যাক লৈ যাবলৈ কয় । আনহাতে, ঘটনাটোৰ বিষয়ে জানিব পাৰি পৰিয়ালটো হতবাক হৈ পৰে । ইয়াৰ পিছতে কিশোৰীগৰাকীৰ মাতৃয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে ।

প্ৰাপ্ত তথ্য অনুসৰি, ঘটনাটো ৯ জুলাইত সংঘটিত হৈছিল । ভুক্তভোগীৰ মাতৃয়ে জনোৱা মতে, তেওঁৰ ১৩ বছৰীয়া কন্যাক চৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত চিচৱানিয়া গাঁৱৰ কিছু লোকে অপহৰণ কৰিছিল । এখন গাড়ীত অহা দুৰ্বৃত্তই কিশোৰীগৰাকীক অপহৰণ কৰি ক'ৰবালৈ লৈ যায় । ইয়াৰ পিছত নিৰন্তৰভাৱে ২৮ দিন ধৰি ধৰ্ষণ তেওঁক ধৰ্ষণ কৰে ।

কিন্তু ঘটনাটোৰ ২৮ দিন পিছত যোৱা ৫ আগষ্টত কিশোৰীগৰাকীৰ মাতৃয়ে এটা ফোনকল পায় । ফোনত দুৰ্বৃত্তই তেওঁলোকৰ কন্যাক চৰিয়া চ'কৰ পৰা লৈ যাবলৈ কয় । ইয়াৰ পিছত নিশা ৮ বজাত যেতিয়া অভিযুক্তই কোৱা উক্ত স্থানলৈ গৈছিল, তেতিয়া তাত কিশোৰগৰাকী লেবেজান হৈ পৰি আছিল । তেওঁৰ অৱস্থা অতি শোচনীয় আছিল । তেওঁক উদ্ধাৰ কৰাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

এই ঘটনাটোৰ পিছতে কিশোৰীগৰাকীৰ মাতৃয়ে অভিযুক্তৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ইয়াৰ পিছত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাই আছে । আনহাতে, আৰক্ষীৰ মতে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিশোৰীগৰাকীৰ অভিযুক্তকেইজনৰ সৈতে যোগাযোগ হৈছিল । তাৰ পিছতে এই সৰ্বনাশীয় ঘটনাটো সংঘটিত হয় ।

কিশোৰীগৰাকীৰ মাতৃয়ে লগতে অভিযোগ কৰে যে ৯ জুলাইত অভিযুক্তৰ বিৰুদ্ধে তেওঁৰ কন্যাক অপহৰণৰ বিষয়ে জনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । কিন্তু আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে তেওঁলোকে । কিশোৰীগৰাকীৰ মাতৃয়ে কয়, যদি আৰক্ষীয়ে সময়মতে পদক্ষেপ গ্ৰহণ কৰিলেহেঁতেন, তেন্তে তেওঁৰ সৈতে এনে ঘটনা নঘটিলহেঁতেন । কিন্তু ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

"আমি প্ৰাসংগিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছোঁ । ভুক্তভোগীৰ বিবৃতি দণ্ডাধীশৰ সন্মুখত লিপিবদ্ধ কৰা হৈছে । লগতে ভুক্তভোগীৰ স্বাস্থ্য পৰীক্ষাও কৰা হৈছে । তেওঁ অভিযুক্তৰ পৰিচয় প্ৰকাশ কৰিছে । আৰক্ষীয়ে তেওঁলোকক ধৰিবলৈ অভিযান চলাই আছে ।" , টাউন আৰক্ষী থানাৰ ষ্টেচন হাউছ বিষয়া বিজয় কুমাৰ সিঙে কয় ।

লগতে পঢ়ক :Manipur violence: মণিপুৰত থকা অনুপ্ৰৱেশকাৰীয়ে সৃষ্টি কৰিছে মণিপুৰ সংঘাতৰ !

ABOUT THE AUTHOR

...view details