অসম

assam

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 11:01 PM IST

ETV Bharat / bharat

Cricket World Cup 2023: অশ্বিন-অক্ষৰৰ বিতৰ্কৰ ওপৰত মুকলিকৈ ক’লে সন্দীপ পাটিলে

অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক বিশ্বকাপ ২০২৩ৰ বাবে ভাৰতীয় ক্ৰিকেট দলত অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য সন্দীপ পাটিলে ৷ অক্ষৰক এনেদৰে বিশ্বকাপ দলৰ পৰা বাদ দিয়াটো দুৰ্ভাগ্যজনক বুলি কয় তেওঁ ৷

Cricket World Cup 2023
অশ্বিন-অক্ষৰৰ বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া সন্দীপ পাটিলৰ

স্পৰ্টছ ডেস্ক, 2 অক্টোবৰ : অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক বিশ্বকাপ ২০২৩ৰ বাবে ভাৰতীয় ক্ৰিকেট দলত অন্তিম মুহূৰ্তত অন্তৰ্ভুক্ত কৰাটোৱে দেশৰ ক্ৰিকেট প্ৰেমীসকলক বিভক্ত কৰিছে ৷

এছিয়া কাপ 2023ত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ খেলৰ সময়ত আঘাতপ্ৰাপ্ত হৈ বিশ্বকাপ দলৰ পৰা বাহিৰ হৈছিল অক্ষৰ পেটেলে ৷ যাৰ স্থানত অন্তৰ্ভূক্ত হ’ল অফ স্পীনাৰ অশ্বিন ৷ শেহতীয়াকৈ ঘৰুৱা মাটিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সমাপ্ত হোৱা শৃংখলাত অশ্বিনৰ ভাল প্ৰদৰ্শনে তেওঁৰ বিশ্বকাপ দলত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা আৰু প্ৰৱল কৰি তুলিছিল ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য সন্দীপ পাটিলে সোমবাৰে ইষ্ট বেংগল ক্লাবৰ ক্ৰিকেট দলৰ সৈতে শ্ৰাচী গোটৰ চুক্তি অনুষ্ঠানত যোগদান কৰিবলৈ কলকাতাত উপস্থিত হৈ কয় যে, অক্ষৰক এনেদৰে বিশ্বকাপ দলৰ পৰা বাদ দিয়াটো দুৰ্ভাগ্যজনক ৷ পাটিলে অৱশ্যে অশ্বিনক প্ৰাৰম্ভিক দলত বাছনি নকৰাৰ নিৰ্বাচকসকলৰ পদক্ষেপৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল ৷ তেওঁৰ মতে, ভাৰতীয় দলটোক সদায় অশ্বিনৰ দৰে এজন স্পীনাৰৰ প্ৰয়োজন ৷

লগতে পঢ়ক :Cricket World Cup : ক্ৰিকেট ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ ইনিংছটো; যাৰ নাই কোনো ভিডিঅ’ প্ৰমাণ

কলকাতাত অনুষ্ঠিত এই অনুষ্ঠানত পাটিলে বিশ্বকাপৰ ছেমি ফাইনেলৰ চাৰিটা দলৰ ভৱিষ্যদ্বাণী কৰে ৷ ভাৰতৰ উপৰিও পাটিলে অনুভৱ কৰিছে যে নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, ইংলেণ্ডে প্ৰতিযোগিতাখনৰ শেষৰ চাৰিটা পৰ্যায়ত প্ৰৱেশ কৰিব ৷ উপমহাদেশত বিশ্বকাপ অনুষ্ঠিত হোৱাৰ পাছতো তেওঁ ছেমি ফাইনেলৰ দৌৰত পাকিস্তানৰ নাম উল্লেখ কৰা নাই ৷ পাটিলে কয় যে তেওঁ শেহতীয়া ফৰ্মৰ ওপৰত ভিত্তি কৰি লাইন আপৰ বিচাৰ কৰিছিল ৷ আগন্তুক বিশ্বকাপৰ বাবে হট ফেভাৰিট ভাৰত ৷ পাটিলে কয় যে ৰাহুল দ্ৰাবিড় আৰু ৰোহিত শৰ্মাই সিদ্ধান্ত ল’ব দলৰ প্লেয়িং একাদশ কি হ’ব ৷

লগতে পঢ়ক :2023 Cricket World Cup: বিশ্বকাপ ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক ছয় কোবোৱা শীৰ্ষ পাঁচগৰাকী বেটছমেন

ABOUT THE AUTHOR

...view details