নিউজ ডেস্ক, ২৯ অক্টোবৰ :ক্ৰেডিট স্ক'ৰে আপোনাৰ মৌলিক বিত্তীয় বিশ্বাসৰ (Credit score defines basic trust profile) প্ৰ'ফাইল নিৰ্ধাৰণ কৰে । যিয়ে কেৱল নতুন ঋণ লাভ কৰাৰ বাবে আপোনাৰ যোগ্যতায়েই নহয়, আপুনি আৰ্থিকভাৱে কিমান শৃংখলাবদ্ধ সেয়াও সূচায় । ইয়ে প্ৰকাশ কৰে আপুনি আপোনাৰ ঋণৰ ইএমআই (equated monthly installments) সঠিকভাৱে পৰিশোধ কৰিছেনে নাই । আপোনাৰ নতুন ঋণ লোৱাৰ যোগ্যতা আছে নেকি ? এই সকলোবোৰ বিৱৰণ আপোনাৰ ক্ৰেডিট প্ৰতিবেদনত কেৱল এবাৰ চকু ফুৰায়েই ক'ব পৰা যায় । চমুকৈ ক'বলৈ হ'লে ই আপোনাৰ সকলো বিত্তীয় অভ্যাস কেইছেকেণ্ডমানৰ ভিতৰতে মুকলি কৰি দিব (maintain good credit score) ।
যদি আপোনাৰ ক্ৰেডিট স্ক'ৰ কম হয়, তেন্তে সেয়া উন্নত কৰাৰ বাবে অত্যধিক সাৱধানতা অৱলম্বন কৰা আৰু প্ৰতিকাৰমূলক ব্যৱস্থাবোৰ নিষ্ঠাৰে অনুসৰণ কৰাৰ সময় এয়া । এটা ভাল ক্ৰেডিট স্ক'ৰে কেৱল ঋণ লোৱাৰ আপোনাৰ যোগ্যতায়েই নহয়, আপোনাৰ সামগ্ৰিক বিত্তীয় অনুশাসনো সূচায় । নতুন ঋণ লওঁতে ঋণদাতাসকলে আপোনাৰ চিবিল (Credit Information Bureau India Ltd, CIBIL) নম্বৰ চাব । যদি আপোনাৰ ঋণৰ আবেদন অনুমোদিত হয়, ইয়াৰ অৰ্থ হৈছে সংশ্লিষ্ট বেঙ্ক বা বিত্তীয় প্ৰতিষ্ঠানৰ আপোনাৰ বিত্তীয় প্ৰ'ফাইলৰ ওপৰত বিশ্বাস আছে ।
আপুনি সময়মতে আপোনাৰ ইএমআই (EMI) আৰু ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰি থকালৈকে আপোনাৰ কোনো বিত্তীয় সমস্যা নাথাকিব । উৎসৱৰ সময়ত আপুনি অধিক পৰিমাণৰ সামগ্ৰী ক্ৰয় কৰিবলৈ ঋণ ল'ব পাৰে । কিন্তু সেয়া সঠিক সময়ত পৰিশোধ কৰিব লাগে । ঋণ পৰিশোধ কৰোঁতে কৰা যিকোনো বিলম্বই আপোনাৰ বাবে ভৱিষ্যতে ঋণ লোৱাটো ঠিন কৰি তুলিব । ঋণ লোৱা আৰু পৰিশোধ কৰাৰ বাবে আপুনি আপোনাৰ সৰ্বাধিক সম্ভৱ পৰিমাণৰ বাজেটত থাকিব লাগিব ।
প্ৰথম কথা হৈছে, ঋণ পৰিশোধত কোনো বিভ্ৰান্তি থাকিব নালাগে । ইএমআই আপোনাৰ উপাৰ্জনৰ 40 শতাংশৰ ওপৰত হ'ব নালাগে, যাতে এক অবিৰামভাৱে আৰু নিয়মীয়াকৈ কিস্তি পৰিশোধ কৰাটো কঠিন নহয় । লগতে আপোনাৰ ইএমআইৰ দুমাহৰ কিস্তিৰ পৰিমাণৰ সমান বেঙ্কত আপোনাৰ অতিৰিক্তভাৱে জমা থাকিব লাগিব । ই আপোনাক নিয়মীয়াকৈ ঋণৰ কিস্তি পৰিশোধ কৰি থকাত সহায় কৰিব ।