নেশ্যনেল ডেস্ক, 20 ছেপ্টেম্বৰ:কেইবাখনো ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ নিৰ্বাচনী সভাত বিশেষকৈ হিন্দুত্ব আৰু সনাতন সংস্কৃতিৰ প্ৰসংগক লৈ সৰৱ হোৱা দেখিবলৈ পোৱা গৈছে শৰ্মাক ৷
ৰাজস্থানৰ যোধপুৰত বিজেপিৰ পৰিৱৰ্তন যাত্ৰাত অংশ লৈ কংগ্ৰেছ আৰু গান্ধী পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ তেওঁ অভিযোগ উত্থাপন কৰি কয় যে গান্ধী পৰিয়ালৰ ষড়যন্ত্ৰত দেশত সনাতন আৰু হিন্দু ধৰ্মৰ বিৰোধিতা কৰা হৈছে ৷ কোনোবাই কৈছে যে হিন্দু ধৰ্ম হৈছে ডেংগু, মেলেৰিয়া । এইবোৰ শেষ হ’ব লাগিব ৷ ‘‘দেশত সনাতন বিৰোধী পৰিৱেশ সৃষ্টি কৰাটো সম্পূৰ্ণ গান্ধী পৰিয়ালৰ ষড়যন্ত্ৰ ৷ কিন্তু ৰাহুল গান্ধীয়ে এতিয়ালৈকে বিবৃতি দি কোৱা নাই যে সনাতন বিৰোধী মন্তব্যৰ তেওঁ বিৰোধী,’’ শৰ্মাই লগতে কয় ৷
তেওঁ লগতে কয় যে এই দেশত ইছলামৰ বিৰুদ্ধে কোনেও এটা শব্দও কোৱা নাই ৷ আমি বিচাৰো যে ইছলামৰ বিৰুদ্ধে কোনো কথা ক’ব নাগালে, লগতে আমি হিন্দু আৰু সনাতনৰ বিৰুদ্ধে কথা কোৱাটোও বিচৰা নাই ৷
ৰাজস্থানৰ গেহলট চৰকাৰক আক্ৰমণ কৰি কয় যে অসম ৰাজস্থানতকৈ সৰু ৰাজ্য ৷ ইয়াৰ পাছতো অসমৰ ৰাইজে ৰাজস্থানতকৈ কম দামত পেট্ৰ’ল-ডিজেল লাভ কৰিছে ৷ অশোক গেহলটে ৰাইজক ব্যয়বহুল ডিজেল-পেট্ৰ'ল দি মুদ্ৰাস্ফীতিৰ পৰা সকাহ দিয়াৰ কথা কৈ আছে । এয়াই কংগ্ৰেছৰ নীতি ৷