অসম

assam

ETV Bharat / bharat

BJP leader slams Canada’s PM: কানাডাৰ এটা অংশত খালিস্তান গঠনৰ পৰামৰ্শ বিজেপি নেতা জয় ভগৱানৰ

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোক সমালোচনা ইউনাইটেড হিন্দু ফ্ৰণ্টৰ কাৰ্যকৰী সভাপতি তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা জয় ভগৱান গোৱালৰ ৷ কানাডাৰ এটা অংশ ভাঙি নতুন খালিস্তান দেশ গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় বিজেপি নেতাগৰাকীয়ে ৷

BJP leader slams Canada’s PM
ভাৰতীয় জনতা পাৰ্টিৰ নেতা জয় ভগৱান গোৱাল

By ANI

Published : Sep 25, 2023, 7:02 AM IST

নেশ্যনেল ডেস্ক, 25 ছেপ্টেম্বৰ:অব্যাহত আছে ভাৰত-কানাডা সংঘাত ৷ইউনাইটেড হিন্দু ফ্ৰণ্টৰ কাৰ্যকৰী সভাপতি তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা জয় ভগৱান গোৱালে দেওবাৰে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোক সমালোচনা কৰে ৷ কানাডাৰ এটা অংশ ভাঙি নতুন খালিস্তান দেশ গঠন কৰিবলৈ বিজেপি নেতাগৰাকীয়ে পৰামৰ্শ আগবঢ়ায় ৷

জয় ভগৱান গোৱালে কয়, "যদি কানাডাৰ প্ৰধানমন্ত্ৰীৰ খালিস্তানীৰ প্ৰতি ইমান দৰদ আছে, তেন্তে তেওঁ কানাডাৰ এটা অংশ ভাঙি নতুন খালিস্তান দেশ সৃষ্টি নকৰে কিয় ? আমি প্ৰথমে তেওঁক স্বীকৃতি দিম ।"

শিখ বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰত জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰাৰ পিছত নতুন দিল্লীৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক বেয়া হোৱাৰ সময়তে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জয় ভগৱান গোৱালে ।

দেওবাৰে দিল্লীৰ যন্তৰ মন্তৰত জাষ্টিন ট্ৰুডোৰ বিৰুদ্ধে সংযুক্ত হিন্দু ফ্ৰণ্টে প্ৰতিবাদ সাব্যস্ত কৰি কানাডাৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত বিৰোধী খালিস্তানীক সমৰ্থন আৰু সুৰক্ষা দিয়াৰ অভিযোগ তোলে । তেওঁলোকে কয় যে, কৃষক আন্দোলনৰ দৰে বহু নজিৰ আছে, যেতিয়া কানাডাই ভাৰতৰ বিৰুদ্ধে গৈ খালিস্তানীসকলক সমৰ্থন কৰিছে আৰু ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিছে ।

"G 20 ৰ সময়ত সমগ্ৰ বিশ্বতে ভাৰতৰ পতাকা উৰুওৱাৰ সময়ত ট্ৰুডোৱে ভাৰতৰ G 20 সফলতা সন্দৰ্ভত দুখ অনুভৱ কৰা পৰিলক্ষিত হৈছিল । আমাৰ আভ্যন্তৰীণ বিষয়ত কানাডাই প্ৰথমবাৰৰ বাবে হস্তক্ষেপ কৰা নহয়, ইয়াৰ পূৰ্বেও কৃষকৰ প্ৰতিবাদ হৈছিল । বহু গোচৰ ৰুজু হৈছে ।" যিটো কানাডাই ভাৰতৰ বিৰুদ্ধে গৈ খালিস্তানীসকলক সমৰ্থন কৰিছে, আৰু আমাৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিছে" জয় ভগৱান গোৱালে কয় ।

তেওঁ কয় যে ভাৰতে বহুবাৰ সন্ত্ৰাসবাদীৰ তালিকা কানাডাক গতাই দিছে, কিন্তু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ভাৰতক গতাই দিয়াৰ পৰিৱৰ্তে কানাডাই সদায় সেই সন্ত্ৰাসবাদীক সমৰ্থন কৰি আহিছে ৷ তেওঁলোকে কানাডাত থকা হিন্দুসকলক মুকলিকৈ ভাবুকি দিছে, কানাডা এৰি যাবলৈ কৈছে । কিন্তু তাত থকা চৰকাৰখন গ্ৰহণ কৰিছে নিৰ্বিকাৰ ভূমিকা । কানাডা চৰকাৰেও আমাৰ কূটনীতিবিদ আৰু অন্যান্য বিষয়াৰ সৈতেও বেয়া আচৰণ কৰিছে ।

লগতে পঢ়ক :105 th Mann ki Baat: মন কী বাতত ঘোঁৰা পুথিভঁৰাল বিষয়ে উল্লেখ প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details