নেশ্যনেল ডেস্ক, 29 অক্টোবৰ : তাজমহলক প্ৰেমৰ প্ৰতীক বুলি কোৱা হয় ৷ শনিবাৰে শৰৎ পূৰ্ণিমা উপলক্ষে চন্দ্ৰালোকেৰে উদ্ভাসিত হ’ল তাজমহল ৷ তাজমহলৰ এই অপূৰ্ব ৰূপ পৰিদৰ্শন কৰিবলৈ তাজমহলৰ বাকৰিত সমগ্ৰ দেশ আৰু বিদেশৰ পৰা বহুতো পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয় ৷ পৰ্যটকসকলে পূৰ্ণিমাত তাজমহল চমক চাবলৈ সন্ধিয়াৰ পৰা শিল্পগ্ৰাম আৰু মেহতাব বাগত একত্ৰিত হয় ৷ মেহতাব বাগৰ যমুনাৰ তীৰৰ তাজ ভিউ পইণ্টৰ পৰা শ শ পৰ্যটকে নিশাৰ চন্দ্ৰ্ৰৰ পোহৰেৰে উদ্ভাসিত তাজমহলৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰে ৷
ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত এগৰাকী পৰ্যটকে কয় যে, প্ৰেমৰ প্ৰতীক তাজমহল চন্দ্ৰৰ ৰূপালী পোহৰত অভূতপূৰ্ব ধৰণে জিলিকি আছিল ৷ ইয়াৰ নৈসৰ্গিক দৃশ্য নিজ চকুৰে উপভোগ কৰাটো বিশেষ ৰোমাঞ্চকৰ আছিল ৷ যদিও চন্দ্ৰগ্ৰহণৰ ফলত চন্দ্ৰৰ উজ্জ্বলতা অলপ ম্লান হৈছিল, তাজমহলৰ উজ্জ্বলতা চাবলৈ পৰ্যটকসকলে ভিৰ কৰিছিলহি ৷
ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে (এএছআই) জনোৱা অনুসৰি পূৰ্ণিমাৰ নিশা তাজমহল চাবলৈ 400 টিকট বুক কৰিছে ৷ লণ্ডন আৰু আন দেশসমূহৰ পৰ্যটকে পূৰ্ণিমাত তাজমহলৰ মনোমৰম দৃশ্য উপভোগ কৰিবলৈ টিকট বুক কৰিছে ৷ ইয়াৰ লগতে দেশৰ ৰাজধানী দিল্লী, মুম্বাই, বেংগালুৰু, আহমেদাবাদ, পুনে, ডেৰাডুন আৰু অন্যান্য চহৰৰ পৰ্যটকসকলে তাজমহল চাবলৈ টিকট বুক কৰিছিল ৷