অসম

assam

Cranberry For Skin: ছালৰ বাবে ছুপাৰ ইফেক্টিভ ক্ৰেনবেৰী, জানক ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব লাগে

By

Published : Dec 26, 2022, 9:33 PM IST

ক্ৰেনবেৰীত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে ছালত ফ্ৰী ৰেডিকেলৰ প্ৰভাৱ কম কৰাত সহায় কৰে । ই অন্য উপকাৰিতা সমূহৰ বিষয়ে সবিশেষ জানো আহক...

Cranberry is super effective for skin know how to use it
ছালৰ বাবে ছুপাৰ ইফেক্টিভ ক্ৰেনবেৰী, জানক ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব লাগে

ক্ৰেনবেৰী হৈছে গভীৰ ৰঙা ৰঙৰ সৰু, ঘূৰণীয়া আকৃতিৰ ফল(Cranberry For Skin)। খাবলৈ ই টেঙা-মিঠা। কেঁচা খোৱাৰ উপৰিও চাটনি, জাম, ৰস আৰু আচাৰৰ ৰূপতো ব্যৱহাৰ কৰা হয়(cranberry for skin whitening)। খাবলৈ সুস্বাদু হোৱাৰ উপৰিও এই ফল আমাৰ স্বাস্থ্য আৰু ছালৰ বাবেও অতি উপকাৰী। ক্ৰেনবেৰী হৈছে পুষ্টিকৰ উপাদানৰ এক ভঁৰাল(Cranberry is super effective for skin)। ইয়াত এন্টিঅক্সিডেন্ট, এন্টি কাৰ্চিনোজেন, ফ্লেভনল, এন্টিবেক্টেৰিয়েল আদি বহুতো পুষ্টিকৰ উপাদান থাকে । ইয়াত থকা এন্টিঅক্সিডেন্টে ছালখনক বহু ধৰণৰ ক্ষতিৰ পৰা ৰক্ষা কৰে । ক্ৰেনবেৰীৰে নিৰ্মিত মাস্কে শীতকালত আপোনাৰ ছালখন দীৰ্ঘদিনলৈ আৰ্দ্ৰ কৰি ৰাখিব পাৰে আৰু ই বলিৰেখা কমোৱাতো সহায় কৰে । গতিকে আহক জানো ক্ৰেনবেৰী ছালত প্ৰয়োগ কৰাৰ অন্যান্য উপকাৰিতাৰ বিষয়ে...

ফ্ৰী ৰেডিকেলৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰে

ক্ৰেনবেৰীত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে ছালত ফ্ৰী ৰেডিকেলৰ প্ৰভাৱ কম কৰাত সহায় কৰে । উল্লেখ্য যে, ফ্ৰী ৰেডিকেল হৈছে এনে এক প্ৰকাৰৰ অণু যিয়ে কোষৰ ক্ষতি কৰি অকাল বাৰ্ধক্যৰ সৃষ্টি কৰিব পাৰে(cranberry for skin care)। ক্ৰেনবেৰী ব্যৱহাৰ কৰিলে আপোনাৰ ছালৰ কোষবোৰ ক্ষতিগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা পৰে(cranberry extract for skin)।

ভিটামিন C বজাই ৰাখে

ক্ৰেনবেৰীত ভিটামিন C পৰ্যাপ্ত পৰিমাণে থাকে । ই কলাজেনৰ উৎপাদন বৃদ্ধিত সহায় কৰে । কলাজেন হৈছে এক প্ৰকাৰৰ প্ৰ'টিন যিয়ে ছালৰ স্থিতিস্থাপকতা বজাই ৰাখে ।

এন্টি ইনফ্লেমেটৰী গুণেৰে সমৃদ্ধ

নেচনেল লাইব্ৰেৰী অৱ মেডিচিনে প্ৰকাশ কৰা এক তথ্য অনুসৰি ক্ৰেনবেৰীৰ ছালত প্ৰদাহ নিবাৰণ আৰু বেক্টেৰিয়া প্ৰতিৰোধী উপকাৰো পোৱা গৈছে । ই ছালৰ ওপৰত হোৱা ছালৰ সংক্ৰমণ হ্ৰাস কৰাত সহায় কৰে(cranberry for skin care) । এই ফলৰ ইমানবোৰ গুণ জনাৰ পিছত কওঁ ক্ৰেনবেৰীৰ ফেচ মাস্ক কিমান ফলপ্ৰসূ(cranberry extract for uti prevention) ।

ক্ৰেনবেৰী আৰু হানি ফেচ পেক

ক্ৰেনবেৰী আৰু মৌ ছালৰ বাবে এক নিখুঁত সংমিশ্ৰণ হ’ব পাৰে(cranberry seeds for skin) । ক্ৰেনবেৰী কিছুমান লৈ পিহি লওক । এতিয়া থেতেলিয়াই লোৱা ক্ৰেনবেৰীত একৰ পৰা দুচামুচ মৌ দি ভালদৰে মিহলাই লওক । এতিয়া ছাল আৰু ডিঙিত লগাই ২০ মিনিট ৰাখিব । ইয়াৰ পিছত স্বাভাৱিক পানীৰে ছাল পৰিষ্কাৰ কৰক । সপ্তাহত দুবাৰকৈ মুখত লগাব পাৰে । ইয়াৰ ফলত আপোনাৰ ছালখনে প্ৰাকৃতিক উজ্বলতা লাভ কৰিব ।

লগতে পঢ়ক:Benefits of coconut oil: কেৱল ছাল আৰু চুলিৰ বাবেই নহয় দৈনন্দিন খাদ্যতো ব্যৱহাৰ কৰক নাৰিকল তেল

ABOUT THE AUTHOR

...view details