নেশ্যনেল ডেস্ক, ৩০ জুন: ২০২২ চনত অনুষ্ঠিত হ'ব গুজৰাট বিধানসভা নিৰ্বাচন (Gujarat Assembly election) । পুনৰ ৰাজ্যখনৰ শাসনৰ বাঘজৰী নিজৰ হাততে ৰাখিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে (BJP) । এইবাৰো ৰাইজৰ সমৰ্থন লাভ কৰিব বুলি দৃঢ় বিশ্বাসী গেৰুৱা দলটোৰ নেতৃত্ব । কিন্তু ১৯৯৮ চনৰ পৰা বাৰে বাৰে ৰাজ্যখনৰ নিৰ্বাচনত বিজেপি জয়ী হোৱাৰ আঁৰত আছে বিশেষ কাৰণ ।
দলটোৰ গুজৰাটৰ সভাপতি চি আৰ পেটেলে (CR Patil) বৰ্ণনা কৰিলে বিজেপিৰ সফলতাৰ আঁৰৰ ৰহস্য । তেওঁৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)ৰ বাবেহে এয়া সম্ভৱ হৈছে । তেওঁ দেওবাৰে পাটনৰ বিভিন্ন পৌৰসভা, জিলা আৰু ব্লক পঞ্চায়তৰ প্ৰতিনিধিসকলক উদ্দেশ্যি কয় যে, তেওঁলোকে পাহৰিব নালাগে যে তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তাৰ বাবেহে জয়যুক্ত হৈছিল । পেটেলে লগতে কয় যে, তেওঁলোকে নিজৰ জনপ্ৰিয়তাৰ বাবে জয়ী হৈছে বুলি ভাবিব নালাগে । দলীয় কৰ্মীসকলৰ সৈতে ভাল ব্যৱহাৰ নকৰা প্ৰতিনিধিসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সকিয়নী দি এইদৰে মন্তব্য কৰে দলৰ সভাপতিগৰাকীয়ে ।
চি আৰ পেটেলে কয় যে, গুজৰাট বিজেপিৰ নেতাসকল কেৱল নৰেন্দ্ৰ মোডীৰ (Narendra Modi) নামতহে নিৰ্বাচিত হয় । প্ৰধানমন্ত্ৰী মোডী একেৰাহে চাৰিবাৰকৈ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিল ।