নিউজ ডেস্ক, ১৯ আগষ্ট :ত্ৰিপুৰাৰ বিৰোধী দল চিপিআইএমে শুকুৰবাৰে বিজেপি নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰক উন্নয়নমূলক কামৰ পৰিৱৰ্তে বিজ্ঞাপনৰ বাবে পুঁজি ব্যৱহাৰ কৰাৰ অভিযোগ তুলি তীব্ৰ সমালোচনা কৰে (opposition CPIM lashes BJP led Tripura government) ।
আগৰতলাত চিপিআইএম ৰাজ্যিক দলৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে বিয়লি এক সংবাদমেল সম্বোধন কৰি চিপিআইএমৰ বিধায়ক ৰতন ভৌমিকে দাবী কৰে যে ৰাজ্যখন তীব্ৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছে আৰু চৰকাৰ ইতিমধ্যে দুৰ্নীতিত ডুব গৈছে (Tripura government alleged using funds for advertising despite developmental) ।
"যদি তেওঁলোকৰ ওচৰত পুঁজি আছে, তেওঁলোকে বৃদ্ধ মহিলাসকলক সামাজিক পেঞ্চন প্ৰদান কৰিব পাৰিলেহেঁতেন । কিন্তু এজনো ব্যক্তিয়ে সামাজিক পেঞ্চন লাভ কৰা নাই । তেওঁলোকে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 5% ডিএ ঘোষণা কৰিছে । আপোনালোকে তেওঁলোকক সোধক, তেওঁলোকে পেঞ্চন পাইছেনে নাই । তেওঁলোকে ৰাস্তাবোৰ মেৰামতি কৰা নাই । ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা আঁচনিবোৰৰ পৰা 50% ৰো অধিক লোক লাভান্বিত হোৱা নাই । কিন্তু তেওঁলোকে এটা প্ৰচাৰ অভিযানত ৫০ লাখতকৈও অধিক ব্যয় কৰে । তেওঁলোকৰ ওচৰত বিজ্ঞাপনৰ বাবে ধন আছে কিন্তু উন্নয়নমূলক কামৰ বাবে নহয় ।" ৰাজ্যখনৰ এজন প্ৰাক্তন মন্ত্ৰী ভৌমিকে এনেদৰে কয় ।