অসম

assam

ETV Bharat / bharat

Patna Oppositions Meet : বিদেশত গান্ধী আৰু ভাৰতত গডছে সূত্ৰই প্ৰধানমন্ত্ৰী মোদীৰ বাবে কাম নকৰে; সীতাৰাম য়েচুৰী - Patna Oppositions Meet

বিৰোধী বৈঠকৰ সমাপ্তিৰ পিছত পাটনাত সাংবাদমেল সম্বোধন কৰি সীতাৰাম য়েচুৰীয়ে কয় যে আমাৰ সংবিধান আক্ৰমণৰ সন্মুখীন হৈছে আৰু আমি সকলোৱে ইয়াক ৰক্ষা কৰিবলৈ একত্ৰিত হৈছো ৷ উল্লেখযোগ্য যে, পাটনাত শুকুৰবাৰে 15 টা বিৰোধী দলৰ নেতাৰ সাক্ষাৎ হৈছিল ৷

Patna Oppositions Meet
পাটনাত সাংবাদমেল সম্বোধন সীতাৰাম য়েচুৰীৰ

By

Published : Jun 23, 2023, 7:44 PM IST

Updated : Jun 24, 2023, 7:26 AM IST

নিউজ ডেস্ক, 23 জুন: ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী) সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে শুকুৰবাৰে কয় যে "বিদেশত গান্ধী আৰু ভাৰতত গডছে এই সূত্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ বাবে কাম নকৰিব ৷" বিৰোধী বৈঠকৰ সমাপ্তিৰ পিছত পাটনাত সাংবাদমেল সম্বোধন কৰি সীতাৰাম য়েচুৰীয়ে কয় যে, "আমাৰ সংবিধান আক্ৰমণৰ সন্মুখীন হৈছে আৰু আমি সকলোৱে ইয়াক ৰক্ষা কৰিবলৈ একত্ৰিত হৈছো ৷" তেওঁ কয় যে, তীব্ৰ আক্ৰমণৰ সন্মুখীন হোৱা আমাৰ গণৰাজ্যক আহি ৰক্ষা কৰিব লাগিব ৷ লগতে তেওঁ কয় যে বিদেশত গান্ধী, ভাৰতত গডছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে কাম নকৰিব ৷ এই মন্তব্য কৰাৰ পূৰ্বে পাটনাত শুকুৰবাৰে 15 টা বিৰোধী দলৰ নেতাৰ সাক্ষাৎ হৈছিল ৷

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই শুকুৰবাৰে কয় যে বিৰোধী দলসমূহৰ পৰৱৰ্তী বৈঠক অহা মাহত হিমাচল প্ৰদেশৰ চিমলাত অনুষ্ঠিত হ'ব ৷ খাৰ্গেই আৰু কয় যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপি বিৰোধী ফ্ৰণ্ট গঠনৰ বাবে এক ৰোড মেপ প্ৰস্তুত কৰিবলৈ বিৰোধী দলসমূহে চিমলাত বৈঠকত বহিব ৷

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন, পিডিপি নেতা মেহবুবা মুফতি, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কংগ্ৰেছ দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে, সাংসদ সঞ্জয় ৰাউত, এনচিপিৰ মুৰব্বী শৰদ পাৱাৰ আৰু জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই বৈঠকত অংশগ্ৰহণ কৰে ৷

বৈঠকৰ পাছত নীতিশ কুমাৰে কয় যে পাটনাত বিৰোধী দলসমূহৰ এখন ভাল বৈঠক হৈছিল আৰু একেলগে নিৰ্বাচনত যুঁজ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ৷ বিৰোধী দলসমূহৰ বৃহৎ বৈঠক আহ্বান কৰা কুমাৰে কয় যে বিৰোধী দলসমূহৰ আন এখন বৈঠক শীঘ্ৰেই অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক:Opposition Patna Meet: বিৰোধীৰ সৰ্বদলীয় বৈঠক; 2024ত বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ সিদ্ধান্ত

Last Updated : Jun 24, 2023, 7:26 AM IST

ABOUT THE AUTHOR

...view details