আগৰতলা, ১০ নৱেম্বৰ :সমাগত ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন (Municipal Elections) । তাৰ প্ৰাকক্ষণত বিজেপি (BJP) আৰু চিপিআই(এম) দলৰ সংঘাতে চৰম পৰ্যায় লৈছে । ইতিমধ্যে বিজেপিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ কৰিছে চিপিআই(এম) দলে । নিৰ্বাচনৰ প্ৰাকক্ষণত চিপিআই(এম) দলৰ প্ৰাৰ্থী আৰু কৰ্মীক বিজেপিৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগৰ পাছতে এইবাৰ আৰক্ষীৰ ওচৰ চাপিছে চিপিআই(এম) দলৰ নেতা-কৰ্মী ।
বিজেপিৰ গুণ্ডাবাহিনীৰ বিৰুদ্ধে ইতিমধ্যে চিপিআই(এম) দলে বিভিন্ন আৰক্ষী থানাত ২০ খনকৈ এজাহাৰ দাখিল কৰিছে । ইফালে চিপিআই(এম)ৰ ৰাজ্যিক সমিতিৰ সম্পাদক জিতেন্দ্ৰ চৌধুৰীয়ে কয় যে মঙলবাৰে দলৰ নেতাসকলে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি আৰু পৌৰ নিগমৰ নিৰ্বাচনৰ বিষয়ে আলোচনা কৰিছে ৷ জিতেন্দ্ৰ চৌধুৰীয়ে উল্লেখ কৰা মতে নিৰ্বাচনৰ অৰ্থ হৈছে সকলো ৰাজনৈতিক দলে যুঁজ দিয়াৰ বাবে সমান অধিকাৰ লাভ কৰা ।
ভাৰতৰ নিৰ্বাচন আয়োগ বা ৰাজ্যিক নিৰ্বাচন আয়োগ (SEC) নিৰ্বাচনৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰিবলৈ দায়বদ্ধ । চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে ত্ৰিপুৰাত বিজেপি-আইপিএফটি চৰকাৰ গঠন হোৱাৰ পাছত তেওঁলোকে ৰাজ্যিক নিৰ্বাচন আয়োগক ভাবিবলৈ আৰম্ভ কৰিছে যে তেওঁলোকৰ নিজা বিভাগ ।
চৌধুৰীৰ অভিযোগ আৰক্ষী সম্পূৰ্ণৰূপে শাসকীয় দলৰ নিয়ন্ত্ৰণত আছে আৰু এই পৰিস্থিতিৰ মাজতে নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে । তেওঁ অভিযোগ কৰে যে পৌৰ নিগমৰ নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছৰে পৰা বিজেপি সমৰ্থিত গুণ্ডাই চিপিআই(এম) দলৰ কৰ্মী আৰু প্ৰাৰ্থীসকলৰ ওপৰত কেইবাবাৰো আক্ৰমণ চলাইছে । তেওঁৰ অভিযোগ আৰক্ষীৰ সন্মুখতে বিজেপিৰ গুণ্ডাই প্ৰাৰ্থীৰ ঘৰত আক্ৰমণ কৰিছে আৰু ভাবুকি প্ৰদান কৰিছে । আৰক্ষীৰ ভূমিকাৰ ওপৰত প্ৰশ্ন তুলি তেওঁ কয় যে আৰক্ষী এতিয়াও নীৰৱ হৈ আছে ।