আগৰতলা, ২৬ নৱেম্বৰ : ত্ৰিপুৰাৰ বাওঁমৰ্চাৰ আহ্বায়ক তথা চিপিআইএমৰ ৰাজ্যিক সমিতিৰ সম্পাদকে ২৮ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া পৌৰ নিগমৰ নিৰ্বাচনৰ ভোট গণনাৰ সময়ত চিচিটিভি সংস্থাপন আৰু তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা দাবী কৰি ৰাজ্যিক নিৰ্বাচন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে(CPIM demanding CCTV footage in counting) ।
আয়োগলৈ প্ৰেৰণ কৰা আন আন পত্ৰযোগে বাওঁমৰ্চাৰ আহ্বায়ক নাৰায়ণ কৰ আৰু চিপিআইএমৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে জনায় যে আগৰতলা পৌৰ নিগম আৰু আন ১৯ খনকৈ নগৰ সমিতিৰ সদ্যসমাপ্ত নিৰ্বাচনে ইতিমধ্যে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে (Violence in Tripura civic body poll) ৷
বিভিন্ন পৰ্যায়ত এই নিৰ্বাচন ব্যৱস্থা ইতিমধ্যে বদনামী হোৱা বুলিও মন্তব্য কৰিছে তেওঁলোকে(Tripura civic body election controversy ) ৷ তথাপিও, অনাগত ২৮ নৱেম্বৰ ২০২১ তাৰিখে হ’ব লগীয়া গণনা মসৃণ আৰু বিবাদহীনভাৱে পৰিচালনাৰ কৰাৰ বাবে, চিপিআই(এম)য়ে নিৰ্বাচন আয়োগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । তেওঁলোকে দাবী কৰিছে যে, সকলো গণনা গৃহ চিচিটিভি কভাৰেজৰ স্কেনাৰৰ অধীনত থাকিব লাগিব, গণনা গৃহবোৰ তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থাৰ অধীনত থাকিব লাগিব ৷ অন্তিম স্তৰত অৰ্থাৎ গণনা গৃহৰ গেটখন সুৰক্ষাৰ দায়িত্বত CPMF ৰ বাহিৰে আন কোনো থাকিব নোৱাৰিব ৷
গণনা গৃহৰ গেটত নিয়োজিত নিৰাপত্তা কৰ্মীসকলক যিকোনো অবাঞ্ছিত ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ক্ষেত্ৰত কঠোৰভাৱে গেট ৰক্ষণাবেক্ষণ কৰিবলৈ নিৰ্দেশ দিব লাগিব ৷ তেওঁলোকে লগতে দাবী কৰে যে, সকলো সংবাদ মাধ্যমৰ লোকক গণনা গৃহৰ ভিতৰত বিনামূলীয়া প্ৰৱেশাধিকাৰ দিয়া হ'ব লাগে (Media pass for Tripura civic poll counting)৷ নিৰ্বাচনৰ সময়ত, শাসনাধিষ্ঠিত বিজেপি কৰ্মীসকলে চিপিআইএমৰ প্ৰাৰ্থীসকলক আক্ৰমণ কৰাৰ লগতে পুলিং এজেণ্ট সকলক ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিয়াৰো তেওঁলোকে অভিযোগ কৰিছে ৷
লগতে পঢ়ক :Tripura Municipal Elections: ভোটগ্ৰহণৰ পাছতে ত্ৰিপুৰা আৰক্ষীৰ প্ৰতিক্ৰিয়া