আগৰতলা,২৭ মাৰ্চ :'ত্ৰিপুৰাত বন্ধ কৰিব লাগে মাদ্ৰাছা ।'এই মন্তব্য বিজেপি বিধায়ত শম্ভূ লাল চাকমাৰ । বিধানসভাৰ মজিয়াত ৰাজ্যখনৰ মাদ্ৰাছাসমূহ বন্ধ কৰিবলৈ দাবী জনায় বিধায়কগৰাকীয়ে (BJP MLA demands closure of Madrasa in Tripura)। মাদ্ৰাছসমূহৰ পৰা কোনো অভিযন্তা বা চিকিৎসকৰ জন্ম নহয় বুলিও দাবী কৰে বিজেপি বিধায়কগৰাকীয়ে ।
তেওঁৰ অভিযোগ মাদ্ৰাছাসমূহে সন্ত্ৰাসবাদীহে সৃষ্টি কৰে । বিজেপি বিধায়কগৰাকীৰ এনে বিতৰ্কিত মন্তব্যৰ পাছতে ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে বিধায়কগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । বিৰোধী চিপিআই(এম) দলেও বিধায়কগৰাকীক তীব্ৰ ভাষাৰে সমালোচনা কৰে (CPIM criticizes BJP MLA Sambhu Lal Chakma)। বিধায়কগৰাকীৰ এই মন্তব্য আপত্তিজনক আৰু ভিত্তিহীন বুলি দাবী কৰে চিপিআই(এম) দলে ।