নেশ্যনেল ডেস্ক, 26 আগষ্ট: বিহাৰৰ গয়া জেলত থকা নিষিদ্ধ নক্সালবাদী সংগঠন চিপিআই মাওবাদীৰ শীৰ্ষ নেতা প্ৰমোদ মিশ্ৰ আৰু তেওঁৰ সহযোগী অনিল যাদৱক আৰক্ষীয়ে জিম্মাত লৈছে । আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছত বহু কেন্দ্ৰীয় সংস্থাইও প্ৰমোদ মিশ্ৰক জেৰা কৰিব বুলি জানিব পৰা গৈছে । যোৱা পাঁচ দশক ধৰি নক্সালবাদী সংগঠনৰ সৈতে জড়িত তথা পলিটব্যুৰ’ৰ অন্যতম সদস্য প্ৰমোদ মিশ্ৰক যোৱা 9 আগষ্টত গয়াত এজন সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল ।
সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি প্ৰমোদ মিশ্ৰ আৰু তেওঁৰ সহযোগীক 72 ঘণ্টাৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে । কেন্দ্ৰীয় সংস্থাটোৱে নক্সালবাদী সংগঠনটোক সম্পূৰ্ণৰূপে উৎখাত কৰাৰ উদ্দেশ্যৰে সংগঠনটোৰ ভিতৰুৱা তথ্য জনাৰ উদ্দেশ্যৰে সোধ-পোচ চলাব বুলি জানিব পৰা গৈছে । বিশেষকৈ বিহাৰ আৰু ঝাৰখণ্ডত যেতিয়া নক্সালবাদী সংগঠনৰ ভেঁটি দুৰ্বল হৈ পৰিছিল, তেতিয়া প্ৰমোদ মিশ্ৰৰ নেতৃত্বত নক্সালবাদীৰ ভেঁটি পুনৰ সুদৃঢ় হৈ পৰিছিল ।
জানিব পৰা মতে, পাটনা আৰু ৰাঁচীৰ নিয়া বিষয়া আৰু তেলেংগানা, ছত্তীশগড় আৰু পশ্চিমবংগ আৰক্ষীয়ে প্ৰমোদ মিশ্ৰক জেৰা চলাব । লগতে বহু ৰাজ্যৰ আৰক্ষী গয়াত উপস্থিত হোৱাৰ তথ্যও পোৱা গৈছে । উল্লেখ্য যে, প্ৰমোদ মিশ্ৰৰ নক্সালবাদী কাৰ্যকলাপ দেশৰ বহু ৰাজ্যত সক্ৰিয় হৈ আহিছে । এনে অৱস্থাত বহু ৰাজ্যৰ আৰক্ষীয়ে তেওঁক বিচাৰি আছিল । একে তথ্য অনুসৰি দিল্লীৰ চোৰাংচোৱা সংস্থাৰ বিষয়াসকলেও গয়াত উপস্থিত হৈ প্ৰমোদ মিশ্ৰক জেৰা কৰাৰ সম্ভৱনা আছে । বৰ্তমান সময়ত প্ৰমোদ মিশ্ৰ আৰু তেওঁৰ সহযোগীক জেৰা কৰি নক্সালবাদী বিদ্ৰোহ দমন কৰিব পাৰি বুলি ভাবিয়েই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ।