নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল: দেশত গৰুৰ চোৰাং ব্যৱসায় বন্ধ কৰাৰ বাবে তৎপৰ চৰকাৰ(Police operation against cow mafia) । কিন্তু একাংশ মাফিয়াই চলাই গৈছে গৰুৰ চোৰাং বেহা । ৰাষ্ট্ৰীয় চোৰাং চক্ৰক নেতৃত্ব দি আকবৰ বানজাৰাই চলাই আছিল গৰুৰ চোৰাং ব্যৱসায় । এই বানজাৰাৰ নেতৃত্বাধীন চোৰাং চক্ৰটোৰ বিৰুদ্ধে দেশৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল । অৱশেষত কুখ্যাত গো-মাফিয়া আকবৰ বানজাৰাক মিৰাটত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Notorious cow mafia Akbar Banjara arrested in Meerut) ।
আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰে বানজাৰাসহ চক্ৰটোৰ আন আন সদস্যসকলকো । উল্লেখ্য যে আকবৰৰ ওপৰত অসম আৰক্ষীয়ে ২ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল । আকবৰ আৰু চক্ৰটোৱে অসম, মেঘালয়,মিজোৰামকে ধৰি বাংলাদেশলৈ গৰুৰ চোৰাং ব্যৱসায় চলাই গৈছিল ।