অসম

assam

ETV Bharat / bharat

দিল্লীৰ জনতাৰ বাবে বাধ্যতামূলক নহয় ক’ভিড প্ৰতিষেধক : স্বাস্থ্যমন্ত্ৰী - দিল্লী পৌৰ নিগম

দিল্লীত শনিবাৰে প্ৰতিষেধক লোৱা 4,317 গৰাকী লোকৰ 51 জন লোকৰ পাৰ্শ্বক্ৰিয়া হৈছে । আনহাতে দেওবাৰে 8,100 গৰাকী লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছিল যদিও মাত্ৰ 53.52 শতাংশ লোককহে প্ৰতিষেধক প্ৰদান কৰা হয় ৷

COVID vaccine not compulsory for people: Delhi minister
দিল্লীৰ জনতাৰ বাবে বাধ্যতামূলক নহয় ক’ভিড প্ৰতিষেধক

By

Published : Jan 17, 2021, 5:48 PM IST

নিউজ ডেস্ক, 17 জানুৱাৰী : ৰাজধানী দিল্লীত দেওবাৰে 81 টা কেন্দ্ৰত ক’ভিড প্ৰতিষেধক দিয়া হয় আৰু প্ৰতিটো কেন্দ্ৰতে 100 জন লোকক প্ৰথম পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান কৰা হয় । দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সতেন্দ্ৰ জৈনে প্ৰকাশ কৰে এই কথা ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ক’ভিড প্ৰতিষেধক বাধ্যতামূলক নহয়, বিকল্প বুলিহে মন্তব্য কৰে । তেওঁ লগতে আজি 8,100 গৰাকী লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছিল যদিও মাত্ৰ 53.52 শতাংশ লোককহে প্ৰতিষেধক প্ৰদান কৰা হয় বুলি জানিবলৈ দিয়ে ৷ তেওঁ দিল্লীত বৰ্তমান টীকাকৰণ কেন্দ্ৰৰ সংখ্যা 215 লৈ বৃদ্ধি কৰা হ'ব আৰু পাছত এই সংখ্যা 1,000 লৈ বৃদ্ধি কৰাৰ কথা সদৰি কৰে । অৱশ্যে টীকাকৰণ কেন্দ্ৰৰ সংখ্যা প্ৰতিষেধক যোগানৰ ওপৰত নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দিল্লীৰ জনতাই প্ৰতিষেধক ল’ব বিচাৰে নে নিবিচাৰে সেয়া নিজেই সিদ্ধান্ত ল'ব পাৰিব ৷ প্ৰথম দিনা প্ৰতিষেধক লোৱা 4,317 গৰাকী লোকৰ 51 জন লোকৰ পাৰ্শ্বক্ৰিয়া হৈছে । তেওঁ লগতে জনতাক কেন্দ্ৰীয় চৰকাৰে জনোৱা আহ্বান অনুসৰি কোনো ধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ আহ্বান জনায় । স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে টীকাকৰণে ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে বুলি উল্লেখ কৰি সকলোকে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে অনুৰোধ কৰে । তেওঁ লগতে দিল্লী পৌৰ নিগমৰ অধীনস্থ চিকিৎসালয়সমূহত ধৰ্মঘট কাৰ্যসূচী অব্যাহত থকাৰ বাবে কৰ্মচাৰীসকলে টীকাকৰণ অভিযানত অংশগ্ৰহণ কৰা নাছিল বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক :ত্ৰিপুৰাত এটা সামগ্ৰী-এটা খণ্ডৰ ধাৰণাক অগ্ৰাধিকাৰ চৰকাৰৰ

ABOUT THE AUTHOR

...view details