নেশ্যনেল ডেস্ক,২৫ এপ্ৰিল:কৰ'ণাৰ দ্ৰুত সংক্ৰমণৰ মাজতে ভাৰতত চলি আছে প্ৰতিষেধক প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ অভিযান । যোৱা ১৯ এপ্ৰিলত ভাৰত চৰকাৰে ঘোষণা কৰা মতে এক মে'ৰ পৰা আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান অভিযান ।
এই পৰ্যায়ত 18 বছৰৰ ঊৰ্ধৰ সকলোৱে গ্ৰহণ কৰিব পাৰিব প্ৰতিষেধক । কিন্তু প্ৰতিষেধক গ্ৰহণৰ পূৰ্বে সকলোৱে পঞ্জীয়ন কৰিব লাগিব । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে টুইটযোগে ঘোষণা কৰা মতে 28 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া । cowin.gov.in ত গৈ পঞ্জীয়ন কৰিব পাৰিব বুলিও প্ৰকাশ কৰা হৈছে ।