নেশ্যনেল ডেস্ক,২২ জানুৱাৰী :দেশত ইতিমধ্যে ৩ জানুৱাৰীৰ পৰা, ১৫ৰ পৰা ১৮ বছৰ উৰ্ধৰ কিশোৰ-কিশোৰীসকলৰ বাবে টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । সমান্তৰালকৈ ১০ জানুৱাৰীৰ পৰা ৬০বছৰ বা তাৰ উৰ্ধৰ আৰু ক'ভিড যোদ্ধাসকলক বুষ্টাৰ পালি প্ৰদানৰ কাৰ্যসূচীও আৰম্ভ হৈছে (Covid Booster dose in India ) । দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণৰ ৯ মাহ পাছতহে এই বুষ্টাৰ পালি গ্ৰহণ কৰিব পাৰিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে ।
ক'ভিডত আক্ৰান্ত হোৱাৰ কিমান দিন পাছত ল'ব পাৰিব প্ৰতিষেধক ? - COVID vaccination
কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে জনাইছে যে কোনো লোক যদি ক'ভিডত আক্ৰান্ত হৈছে তেওঁ সুস্থ হোৱাৰ তিনি মাহ পাছতহে প্ৰতিষেধকৰ পালি গ্ৰহণ কৰিব পাৰিব (COVID precaution dose 3 months after recovery)। বুষ্টাৰ পালি অথবা যিকোনো পালিৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব এই নিয়ম । কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত প্ৰতিখন ৰাজ্যলৈ পত্ৰ প্ৰেৰণ কৰিছে ।

ইয়াৰ মাজতে স্বাস্থ্য মন্ত্ৰালয়ৰ ফআলৰ পৰা আহিল আন এক নিৰ্দেশনা । ক'ভিডত আক্ৰান্ত হৈ সুস্থ হোৱা লোকে তিনি মাহ পাছতহে বুষ্টাৰ পালি বা প্ৰতিষেধকৰ আন পালি গ্ৰহণ কৰিব পাৰিব (COVID precaution dose 3 months after recovery)। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব বিকাশ শীলে এক পত্ৰযোগে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই নিৰ্দেশনা প্ৰেৰণ কৰে । বুষ্টাৰ পালিৰ যোগ্যতাৰ ক্ষেত্ৰত বিভিন্ন মহলৰ পৰা পৰামৰ্শ পোৱাৰ পাছতে এই বিষয়ে সকলোকে অৱগত কৰিবলৈ বিষয়াগৰাকীয়ে পত্ৰ প্ৰেৰণ কৰিছে ।
লগতে পঢ়ক :Covid 19 update in India : বিগত 24 ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত 94,540 গৰাকী