নেশ্যনেল ডেস্ক, ৯ জানুৱাৰী: দেশৰ ভিন্ন প্ৰান্তৰ লগতে মিজোৰামতো চলিছে COVID-১৯ৰ টীকাকৰণৰ অনুশীলন । ৰাজ্য়খনৰ বিভিন্ন জিলাৰ চিকিৎসালয়ত টীকাকৰণৰ অনুশীলন আৰম্ভ হৈছে ।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জিলা উপায়ুক্তৰ তদাৰকীক লুংলেই জিলাৰ চৰকাৰী হাইস্কুলত, লুংলেই আৰু ভেংলাই চৰকাৰী প্ৰাথমিক বিদ্যালয়ত COVID-১৯ৰ টীকাকৰণৰ অনুশীলন চলাইছে । সমান্তৰালভাৱে ছাৰচিপ জিলাত ছাৰচিপ জিলা চিকিৎসালয়ত,মিডলেণ্ড বিদ্যায়ল আৰু ছিয়াহতলাং বিদ্যায়লতো চলিছে অনুশীলন ।