আগৰতলা,১৬ জুলাই: শুকুৰবাৰৰ পৰা দেশজুৰি আৰম্ভ হৈছে বিনামূলীয়া ক’ভিড ভেকছিনৰ বুষ্টাৰ পালি প্ৰদান কৰাৰ এক বিশেষ অভিযান(COVID Vaccination Amrit Mahotsava in India) । আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav) উপলক্ষে আৰম্ভ হোৱা এই অভিযান আৰম্ভ হয় ত্ৰিপুৰাতো । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহাই IGM চিকিৎসালয়ৰ ক’ভিড ভেকছিন কেন্দ্ৰত এই বিশেষ অভিযানৰ উদ্বোধন কৰে(COVID Vaccination Amrit Mahotsava) ।
এই বিশেষ কাৰ্যসূচী উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংকল্পক সৰোগত কৰি স্বাধীনতা দিৱসৰ ৭৫ তম বাৰ্ষিকীৰ অংশ হিচাপে শুকুৰবাৰৰ পৰা সমগ্ৰ দেশৰ লগতে ত্ৰিপুৰাতো ক’ভিড ভেকছিনৰ বুষ্টাৰ পালি প্ৰদানৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে । ৰাজ্যখনৰ সকলো চৰকাৰী টীকাকৰণ কেন্দ্ৰত একেলগে আৰম্ভ কৰা হৈছে এই অভিযান ।