নেশ্যনেল ডেস্ক,4 মে': তেলেংগানাত প্ৰতিদিনে ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ সময়তে এইবাৰ জন্তুৰ দেহত ধৰা পৰিছে মহামাৰীৰ লক্ষণ । মঙলবাৰে হায়দৰাবাদৰ নেহৰু চিৰিয়াখানাৰ ৮ টা এছিয়াটিক সিংহৰ দেহত ক'ভিডৰ লক্ষণ ধৰা পৰাৰ কথা প্ৰমাণিত হৈছে । চিৰিয়াখানাখনৰ সিংহৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু চিৰিয়াখানা কৰ্তৃপক্ষই চিচিএমবিলৈ প্ৰেৰণ কৰিছিল ।
ইফালে, কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি চিৰিয়াখানাখন ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে । সিংহৰ দেহত কৰ’ণাৰ সংক্ৰমণ এয়াই প্ৰথম বুলি ধাৰণা কৰা হৈছে । মহামাৰী সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে বন আৰু ন্যায় মন্ত্ৰী এ. ইন্দ্ৰকৰণ ৰেড্ডীয়ে তেলেংগানাৰ চিৰিয়াখানা, বন্যপ্ৰাণী অভয়াৰণ্য আৰু টাইগাৰ ৰিজাৰ্ভ বন্ধ কৰাৰ কথা ঘোষণা কৰে ।
বন্যপ্ৰাণীৰ মাজত মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ পৰিৱেশ মন্ত্ৰালয়, কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষ আৰু বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে আগবঢ়োৱা পৰামৰ্শৰ পিছত এই সিদ্ধান্ত লোৱা হৈছিল । সাৱধানতামূলক ব্যৱস্থাৰ অংশ হিচাপে, চিৰিয়াখানাৰ জন্তুৰ যত্ন লোৱাত নিয়োজিত প্ৰায় ১৫০ জন কৰ্মচাৰীৰ থাৰ্মেল স্কেনিং কৰা হৈছিল ।