আগৰতলা, 9 মে’: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেবে শনিবাৰে নিশা তেওঁৰ চৰকাৰী বাসভৱনৰ পৰা ওলাই আহি আগৰতলা চহৰত নৈশ সান্ধ্য আইন সঠিক ভাৱে পালন হৈছে নে নাই তাৰ পৰ্যবেক্ষণ কৰে ৷ নিশা চহৰ পৰ্যবেক্ষণ কৰাৰ সময়ত ক’ভিড পৰিস্থিতিৰে যুঁজিবলৈ যোগাৰ কৰা সুবিধাসমূহ পৰিদৰ্শন কৰাৰ লগতে কৰ’ণা বিৰোধী যুঁজত নিয়োজিত থকা বিভিন্ন কৰ্মচাৰী আৰু বিষয়াসকলৰ সৈতে মত বিনিময় কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ এই যাত্ৰাত সংগ দিয়ে কেইবাগৰাকীও স্বাস্থ্য বিষয়াই ৷
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিপ্লব কুমাৰ দেবে কয় যে, জিলা আৰু উপ-বিভাগ পৰ্যায়লৈকে ক’ভিড চিকিৎসা প্ৰণালীৰ বিকেন্দ্ৰীকৰণ এতিয়া বিদ্যমান হৈছে । এই সমূহ প্ৰণালীয়ে জিলা সমূহৰ ভিতৰত ক’ভিড 19ত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ সুবিধা নিশ্চিত কৰিব ৷ ক’ভিড 19ৰ প্ৰথম ঢৌত চহৰখনত ৰাজ্যৰ আন প্ৰান্তৰ পৰা মানুহৰ ভিৰ আছিল । কিন্তু এইবাৰ জনসাধাৰণে তেওঁলোকৰ নিজৰ জিলাত কৰ’ণাৰ চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ যিয়ে ৰাজ্যখনৰ স্বাস্থ্য আন্তঃগাঁথনিৰ উন্নতিৰ ইংগিত দিছে ৷