অসম

assam

ETV Bharat / bharat

৩০ এপ্ৰিললৈকে বন্ধ থাকিব হজৰত নিজামুদ্দিন দৰগাহ - হজৰত নিজামুদ্দিন আউলিয়া দৰগাহ

দেশৰ ভিতৰত বিশেষকৈ দিল্লীত ক'ৰণাৰ নতুন ঢৌৰ প্ৰকোপ সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি হজৰত নিজামুদ্দিন আউলিয়া দৰগাহ পৰিচালনা ব্যৱস্থাপনাই ৩০ এপ্ৰিললৈকে ভক্তসকলৰ বাবে দৰগাহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ক'ৰণাৰ বাবে ৩০ এপ্ৰিললৈকে বন্ধ হজৰত নিজামুদ্দিন দৰগাহ
ক'ৰণাৰ বাবে ৩০ এপ্ৰিললৈকে বন্ধ হজৰত নিজামুদ্দিন দৰগাহ

By

Published : Apr 17, 2021, 9:49 PM IST

নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল: দেশত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ দেশৰ ভিতৰত বিশেষকৈ দিল্লীত কৰ'ণাৰ নতুন ঢৌৰ প্ৰকোপ সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি হজৰত নিজামুদ্দিন আউলিয়া দৰগাহৰ পৰিচালনা ব্যৱস্থাপনাই ভক্তসকলৰ বাবে দৰগাহ ৩০ এপ্ৰিললৈকে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । নিজামুদ্দিন দৰগাহ সমিতিৰ সাধাৰণ সম্পাদক কাশিফ নিজামীয়ে এই কথা জানিবলৈ দিছে ৷ দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তই এই দৰগাহত আহি ভিৰ কৰে বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।

৩০ এপ্ৰিললৈকে বন্ধ থাকিব হজৰত নিজামুদ্দিন দৰগাহ

কৰ'ণাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে দিল্লী চৰকাৰে শনিবাৰ আৰু দেওবাৰে সাপ্তাহিক সান্ধ্য আইন জাৰি কৰাৰ লগতে কেইবাটাও নিষেধাজ্ঞা জাৰি কৰিছে ৷ ক'ভিড-১৯ ৰ দ্ৰুত সংক্ৰমণৰ বাবে বৃহস্পতিবাৰে দিল্লী চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানীত শুকুৰবাৰে নিশা ১০ বজাৰ পৰা সোমবাৰে পুৱা ৫ বজালৈ সাপ্তাহিক সান্ধ্য আইন জাৰি কৰে । এই সাপ্তাহিক সান্ধ্য আইন মানি চলিবলৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীবাসীক আহ্বান জনাইছে । ৩০ এপ্ৰিললৈকে যদি পৰিস্থিতি অনুৰূপ থাকে তেন্তে আৰু অধিক দিনলৈ নিজামুদ্দিন দৰগাহ বন্ধ ৰখা হ'ব ।

শুকুৰবাৰে, দিল্লীত ১৯,৪৮৬ জন লোক নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হোৱাৰ লগতে ১৪১ জন ক'ভিড-19 ত আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ।

লগতে পঢ়ক:কুৰালগাচা ভোটকেন্দ্ৰত কেন্দ্ৰীয় বাহিনীৰ শূন্যলৈ গুলীচালনা

ABOUT THE AUTHOR

...view details