অসম

assam

ব’ৰ্ডৰ পৰীক্ষাত কৰ’ণাৰ বাধা: ত্ৰিপুৰাত JEE পৰীক্ষা স্থগিত

কৰ’ণাৰ ভয়াৱহতাই প্ৰভাৱ পেলাইছে শিক্ষাখণ্ডত ৷ ত্ৰিপুৰাৰ ৰাজ্যিক শিক্ষা বিভাগ আৰু ত্ৰিপুৰা মাধ্যমিক শিক্ষা ব’ৰ্ড(Tripura Board of Secondary Education)এ এই পৰ্যন্ত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷ ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতনলাল নাথে জানিবলৈ দিছে এই কথা ৷

By

Published : Jun 15, 2021, 7:29 AM IST

Published : Jun 15, 2021, 7:29 AM IST

Covid shadows Board exams, JEE postponed
বোৰ্ডৰ পৰীক্ষাত কৰ’ণাৰ বাধা: JEE পৰীক্ষা স্থগিত

আগৰতলা, 15 জুন: ত্ৰিপুৰাৰ ৰাজ্যিক শিক্ষা বিভাগ আৰু ত্ৰিপুৰা মাধ্যমিক শিক্ষা ব’ৰ্ড(Tripura Board of Secondary Education)এ এই পৰ্যন্ত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷ কাৰণ পৰীক্ষা সন্দৰ্ভত আহ্বান কৰা আন এক উচ্চ পৰ্যায়ৰ বৈঠকত পুনৰ এক অনিৰ্ণায়ক স্থিতিত সমাপ্ত হয় ৷ ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতনলাল নাথে সদৰী কৰিছে এই কথা ৷

বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ ফালে লক্ষ্য ৰাখি বিভাগে পৰীক্ষা সন্দৰ্ভত ল’বলগীয়া সিদ্ধান্ত আৰু এসপ্তাহলৈ স্থগিত ৰাখিছে ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰি কয় যে, পৰৱৰ্তী বৈঠকত এই সন্দৰ্ভত এক নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

ত্ৰিপুৰাত JEE পৰীক্ষা স্থগিত

ত্ৰিপুৰাৰ অসামৰিক সচিবালয়ত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত নাথে কয় যে, "বৰ্তমান মনোবৈজ্ঞানিক, ত্ৰিপুৰা মাধ্যমিক শিক্ষা ব’ৰ্ড, স্বাস্থ্য বিভাগৰ সদস্য, অন্য বিষয়া সকলৰ লগতে জ্যেষ্ঠ সাংবাদিকসকলে পৰীক্ষাৰ আয়োজন সম্পৰ্কে তেওঁলোকৰ পৰামৰ্শ আগবঢ়াইছে ৷ তেওঁলোকৰ মতে, ব’ৰ্ডৰ পৰীক্ষাৰ কোনো বিকল্প নাই ৷ কিন্তু এই অন্য প্ৰাসংগিক বিষয়সমূহকো গুৰুত্ব দিয়া উচিত আৰু স্বাস্থ্য বিভাগৰ অনুমতি অবিহনে পৰীক্ষা আয়োজন কৰিলে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা বাঢ়িব" ৷

তদুপৰি শিক্ষা বিভাগে এই প্ৰসংগত অভিভাৱক আৰু শিক্ষাৰ্থীৰ মতামত আশা কৰিছে ৷ নাথে লগতে কয়, "চিবিএছই(CBSE)এ এই সন্দৰ্ভত এক মূল্যাংকন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ যাক গুৰুত্ব সহকাৰে পৰ্যবেক্ষণ কৰা হ’ব ৷ এই সন্দৰ্ভত পৰৱৰ্তী পৰ্যায়ৰ চৰ্চা 21 জুনত অনুষ্ঠিত হ’ব ৷ উক্ত বৈঠকত ইতিবাচক খবৰ অহাৰ আশা কৰা হৈছে" ৷

ইফালে ত্ৰিপুৰাৰ জে ই ই(JEE) কৰ্তৃপক্ষই সোমবাৰে ক’ভিডৰ শেহতীয়া পৰিস্থিতিৰ দোহাই দি পৰীক্ষা স্থগিত কৰে ৷ ব’ৰ্ডে তেওঁলোকৰ পৰৱৰ্তী ঘোষণা http://tbjee.nic.in ৱেবচাইটযোগে প্ৰকাশ কৰিব ৷ এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা সদৰী কৰিছে ব’ৰ্ডে ৷

লগতে পঢ়ক: বিমানত বোমা থকা বুলি অপপ্ৰচাৰ কৰি আটক হ'ল এজন যুৱক

ABOUT THE AUTHOR

...view details