আগৰতলা, 6 মে':অতি দ্ৰুত গতিত ক'ভিড-19 ৰ ভয়াবহ সংক্ৰমণৰ ফালে আগবাঢ়িছে ত্ৰিপুৰা ৷ চিকিৎসা বিভাগৰ সৈতে জড়িত বিশেষজ্ঞ সকলে আগবঢ়োৱা মন্তব্য অনুসৰি, আগন্তুক এক ডেৰ মাহৰ ভিতৰত এই পৰিস্থিতি অধিক ভয়াৱহ দিশলৈ গতি কৰিব পাৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰৰ দিনটোত ৰাজ্যখনত তিনি গৰাকী ক'ভিডত আক্ৰান্ত ৰোগীৰ মৃত্যু হোৱাৰ লগতে লগতে নতুনকৈ 240 গৰাকীৰ শৰীৰত উক্ত ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ কিন্তু, ইয়াৰ মাজতে আটাইতকৈ উদ্বেগজনক কথাটো হ'ল এইয়ে যে, বয়স্ক সকলৰ লগতে এইবাৰ ৰাজ্যখনত শিশু সকলো ক'ভিডত আক্ৰান্ত হৈছে ৷
একেই হাৰত ক'ভিডৰ সংক্ৰমণ বাঢ়ি গৈ থাকিলে পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিব বুলি জানিবলৈ দি ক'ভিড -19 নিৰীক্ষণ বিষয়া দীপ কুমাৰ দেৱবৰ্মাই কয় যে, "ত্ৰিপুৰাত ক'ভিডৰ পজিটিভিটি ৰেটে ইতিমধ্যে গুৰুত্বপূৰ্ণ পাঁচ শতাংশৰ সীমা অতিক্ৰম কৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ক'ভিড -19 ব্যৱস্থাপনাৰ দায়িত্বত থকা লোক সকল অধিক চিন্তিত হৈ পৰিছে ৷ যদিহে একেই ধাৰা অব্যাহত থাকে আৰু সংক্ৰমণৰ প্ৰকৃত শৃংখলা পৰীক্ষা কৰা নহয় , তেন্তে অতি সোনকালে পৰিস্থিতি ভয়াবহ হৈ পৰিব ৷"
এখন যুটীয়া সংবাদমেল সম্বোধন কৰি দেৱবৰ্মাই কয় যে, অনাগত এক ডেৰমাহ সময় ৰাজ্যখনৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, যিহেতু পজিটিভিটি ৰেটে ইতিমধ্যে অতি গুৰুত্বপূৰ্ণ পাঁচ শতাংশৰ সীমা অতিক্ৰম কৰিছে ৷ বিগত কিছুদিনৰ পৰা জি বি পি চিকিৎসালয়ত গুৰুতৰ অৱস্থাত ভৰ্তি হোৱা ক'ভিড ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে বুলি তেওঁ জানিবলৈ দিয়ে ৷