নেচনেল ডেক্স , 8 মে ' : সমগ্ৰ দেশজুৰি অব্যাহত আছে কৰ’ণাৰ সংহাৰ ৷ এনে সময়তেই কৰ্ণাটকৰ মাণ্ড জিলাৰ মালাৱল্লী তালুক চিকিৎসালয়ত প্ৰশাসনে একেটা ৱাৰ্ডতে ক’ভিড আক্ৰান্ত ৰোগী আৰু ক’ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ মৃতদেহ ৰখাৰ অভিযোগ উত্থাপন হৈছে ৷
চিকিৎসালয়ত একেটা কোঠাতে মৃতদেহৰ সৈতে ৰখা হ’ল কৰ’ণা ৰোগী - ভিডিঅ
দেশজুৰি অব্য়াহত আছে কৰ’ণাৰ সংহাৰ ৷ কৰ্ণাটকৰ মাণ্ড জিলাৰ মালাৱল্লী তালুক চিকিৎসালয়ত প্ৰশাসনে একেটা ৱাৰ্ডতে ক’ভিড আক্ৰান্ত ৰোগী আৰু ক’ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ মৃতদেহ ৰখাৰ ভিডিঅ’ ভাইৰেল ৷
কৰ্ণাটকৰ এখন চিকিৎসালত এটা ৰুমতে আছে মৃতদেহৰ সৈতে কৰ’ণা ৰোগী
দুটা মৃতদেহ মেৰিয়াই থোৱা কোঠালিত ক’ভিডত আক্ৰান্ত হোৱা ৰোগীক চিকিৎসা প্ৰদান কৰি থকা ভিডিঅ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ ৰোগীসকলে এক আতংকিত পৰিৱেশৰ মাজত থকা বুলি জানিবলৈ দিয়ে ৷ অতি সোনকালে মৃতদেহ সমূহ আঁতৰাবলৈ সংবাদ মাধ্যমৰ জৰিয়তে জিলা প্ৰশাসনক অনুৰোধ জনাইছে ৷
লগতে পঢ়ক :চাৰ্টাৰ্ড বিমানযোগে পুৱাতেই দিল্লীলৈ ৰাওনা সৰ্বা-হিমন্ত